এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰি আপুনিও লাভ কৰিব পাৰিব সুবিধা, জানি লওক সকলো সবিশেষ

ৰাইজৰ বাবে ভাৰত চৰকাৰে বিভিন্ন আঁচনিৰ ব্যৱস্থা কৰিছে সেইয়া অটল পেঞ্চন যোজনা হওক বা ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় আঁচনিয়েই হওক। এই আঁচনিসমূহৰ সহায়ত আপুনিও প্ৰতিমাহে সুবিধা লাভ কৰিব পাৰিব। আজি ইয়াৰ লগত জড়িত সকলো তথ্য বিতংভাৱে জানো আহকচোন।

৬ হাজাৰ টকা পাওক এনেকৈ

ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত মাতৃত্ব বন্দনা যোজনাই প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণ কৰা মহিলাসকলক আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ সক্ষম হৈছে। ২০১৭ চনৰ পৰা চলি থকা এই আঁচনিখনক গৰ্ভাৱস্থা সাহায্য আঁচনি বুলিও জনা যায়। এই আঁচনিখনত ৬০০০ টকা মহিলা সকলে লাভ কৰে।

ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি

মহিলাসকলক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ অধীনত মহিলাসকলে ভাল পৰিমাণৰ ধন লাভ কৰিবলৈ সক্ষম হয়। যদি আপুনিও স্বাধীন হ’ব বিচাৰে তেন্তে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ অধীনত একাউণ্ট খুলি এই আঁচনিৰ সুবিধা ল’ব পাৰে। প্ৰতিমাহে আপুনি একাউণ্টত কিছু পৰিমাণে ধন জমা কৰিব লাগিব যিয়ে ৬০ বছৰ বয়সৰ পিছত ভাল ৰিটাৰ্ণ আপোনাক ঘূৰাই দিব।

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনি

এই আঁচনিখনত বৃদ্ধা,বিধৱা মহিলা আৰু বিশেষভাৱে সক্ষম নাগৰিকসকলক ধনৰ বাবে আৱেদন কৰাত সহায় কৰা হয়। এই আঁচনিৰ সুবিধা ল’বলৈ বিপিএল কাৰ্ড থাকিব লাগিব। দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰমাণপত্ৰ দেখুৱাব পাৰিলে আপুনি পেঞ্চন উলিয়াব পাৰিব। এই পেঞ্চনৰ অধীনত প্ৰতিমাহে ৫০০ৰ পৰা ৮০০ টকা লাভ কৰিব পাৰিব।

বিনামূলীয়া চিলাই মেচিনৰ পৰিকল্পনা

মহিলাসকলক আৰ্থিকভাৱে সহায় কৰিবলৈ বিনামূলীয়া চিলাই মেচিন প্ৰদানৰ আঁচনি লোৱা হৈছে। আৰ্থিকভাৱে দুৰ্বল আৰু বিধৱা মহিলাসকলেও এই আঁচনিৰ সুবিধা ল’ব পাৰে। এই আঁচনিৰ লক্ষ্য হৈছে চিলাই মেচিনৰ ব্যৱস্থা কৰি মহিলাসকলৰ কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি কৰা আৰু তেওঁলোকক স্বাৱলম্বী কৰা।

এই লেখাটোৰ বিষয়ে আপোনাৰ মতামত কমেণ্ট কৰি জনাওক। লগতে, যদি আপুনি এই লেখাটো ভাল পাইছে তেন্তে ইয়াক শ্বেয়াৰ কৰক আৰু আন অনুৰূপ লেখা পঢ়িবলৈ AxomInfo ফেচবুক পেজটো LIke আৰু Follow কৰি আমাৰ সৈতে সংযুক্ত হৈ থাকক।

Leave a comment