শীতকালত শৰীৰত পানীৰ অভাৱ কিয় হয়? এই ৭টা উপায়েৰে নিজকে হাইড্ৰেটেড কৰি ৰাখক

Winter Dehydration: পানী আমাৰ জীৱনৰ আটাইতকৈ মূল্যৱান উপাদান। পানী অবিহনে জীৱনটো কল্পনা কৰাটো অসম্ভৱ। আমাৰ শৰীৰত ৭০ শতাংশ পানী থাকে। বিশেষজ্ঞসকলৰ মতে এজন সুস্থ ব্যক্তিয়ে প্ৰতিদিনে ৭ৰ পৰা ৮ গিলাচ পানী খাব লাগে। ঠাণ্ডা দিনত প্ৰতিদিনে ইমান পানী খোৱাটো কঠিন। বহুতে শীতকালত দিনটোত মাত্ৰ এগিলাচৰ পৰা দুগিলাচ পানীহে খায়।

ডিহাইড্ৰেচন কিয় হয়?

ঠাণ্ডাত মানুহৰ পিয়াহ কম হয়, যাৰ বাবে পানী খোৱাৰ মন নাযায়। এনে পৰিস্থিতিত শৰীৰত পানীলগা হ’বলৈ আৰম্ভ কৰে। সহজ ভাষাত ডিহাইড্ৰেচন ক’বলৈ গ’লে শৰীৰত পানীৰ অভাৱ হয়, যাৰ বাবে শৰীৰত বহুতো ৰোগ হ’বলৈ আৰম্ভ কৰে। যেনে মানসিক চাপ, খিংখিঙীয়া, অস্থিৰতা, কোষ্ঠকাঠিন্য, মূৰ ঘূৰোৱা আদি। গতিকে সুস্বাস্থ্যৰ বাবে খোৱাপানী অতি প্ৰয়োজনীয়। পানী খাই আমি আৰু কি কি উপায়েৰে নিজকে হাইড্ৰেটেড কৰি ৰাখিব পাৰো জানো।

১- খাদ্যৰ লগত পানী খাব লাগে
প্ৰতিটো আহাৰ গ্ৰহণৰ লগে লগে পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। এনে কৰিলে শৰীৰত পানীৰ অভাৱ দূৰ কৰিব পাৰি। যদি আপুনি সাধাৰণ পানী খাই বিৰক্ত হৈছে তেন্তে পানীত নেমু চেপি খাব পাৰে। নেমুৰ পানী খালেও খাদ্য হজম কৰাত সহজ হয়।

২- হাইড্ৰেটেড খাদ্য আপোনাৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক
চূপ আৰু ষ্টুই কেৱল শীতকালত আৰাম প্ৰদান কৰাই নহয় শৰীৰৰ পানীৰ মাত্ৰাও বজাই ৰাখে। ইয়াৰ উপৰিও এভোকেডো, জামু, টমেটো আদি পানীৰ পৰিমাণ বেছি থকা ফল-মূল আৰু শাক-পাচলি দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰিব পাৰি।

৩- ইলেক্ট্ৰলাইট অন্তৰ্ভুক্ত কৰা
ইলেক্ট্ৰ’লাইটযুক্ত পানীয় যেনে গাখীৰ, নাৰিকল পানী ইত্যাদি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক। ব্যায়াম কৰাৰ পিছত স্প’ৰ্টছ ড্ৰিংক বা নাৰিকল পানী খাব লাগে। ইয়াৰ বাহিৰেও এচিকুট নিমখ বা ইলেক্ট্ৰলাইট পাউদাৰ দি পানী খাব পাৰে।

৪- পানী খোৱাৰ এক ৰুটিন বনাওক
শৰীৰক জলসিঞ্চিত কৰি ৰাখিবলৈ পানী খোৱাৰ ৰুটিন বনাওক। দিনটোত কিমান পানী খাব বিচাৰে তাৰ সীমা নিৰ্ধাৰণ কৰক আৰু তাত আঁঠু লৈ থাকক। লগত পানীৰ বটল এটা ৰাখিবলৈ চেষ্টা কৰক। পানীলগাৰ পৰা হাত সাৰিবলৈ এইটোৱেই আটাইতকৈ ফলপ্ৰসূ আৰু সহজ উপায়।

৫- গৰম পানীয় খাব লাগে
খাদ্যত গৰম, কেফেইনবিহীন পানীয়, যেনে বনৌষধি চাহ, কুহুমীয়া পানী অন্তৰ্ভুক্ত কৰক। ইয়াৰ দ্বাৰা শৰীৰৰ পানীৰ মাত্ৰা বজাই ৰখাতো সহায় কৰে।

৬- ছালখন আৰ্দ্ৰ কৰি ৰাখক
ছালৰ জৰিয়তেও শৰীৰৰ পানীৰ মাত্ৰা বজাই ৰাখিব পাৰি। ছালখন আৰ্দ্ৰ কৰি ৰাখিলে শৰীৰত পানী আবদ্ধ হৈ পৰে যিয়ে শৰীৰক জলসিঞ্চিত কৰি ৰখাত সহায় কৰে।

৭) ঘৰৰ ভিতৰৰ আৰ্দ্ৰতা বজাই ৰাখিব লাগে
কোঠাটোৰ ভিতৰৰ আৰ্দ্ৰতাইও আপোনাক হাইড্ৰেটেড হৈ থকাত সহায় কৰে। হিউমিডিফায়াৰৰ সহায়ত ঘৰৰ ভিতৰৰ আৰ্দ্ৰতাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰি। শুকান বায়ু শ্বাস-প্ৰশ্বাসৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰি পানীৰ ক্ষয় বৃদ্ধি কৰিব পাৰে।

এই লেখাটোৰ বিষয়ে আপোনাৰ মতামত কমেণ্ট কৰি জনাওক। লগতে, যদি আপুনি এই লেখাটো ভাল পাইছে তেন্তে ইয়াক শ্বেয়াৰ কৰক আৰু আন অনুৰূপ লেখা পঢ়িবলৈ AxomInfo ফেচবুক পেজটো LIke আৰু Follow কৰি আমাৰ সৈতে সংযুক্ত হৈ থাকক।

Leave a comment