“অসমৰ কোনো মানুহৰ মাটি সম্পত্তি বন্ধকত ৰাখি আমি ঋণ লোৱা নাই”এই মন্তব্য মুখ্য মন্ত্ৰীৰ

Axominfo: এইবাৰ বিৰোধী দলক প্ৰত্যুত্তৰ ৰাজ্য চৰকাৰৰ ঋণক লৈ সমালোচনা কৰাক লৈ মুখ্যমন্ত্ৰীৰ ৷ অসমৰ কোনো মানুহৰ মাটি সম্পত্তি বন্ধকত ৰাখি আমি ঋণ লোৱা নাই ৷ চৰকাৰে যিমান ঋণ ল’ব পাৰে সিমান পৰিমাণ ৰ হে আমি ঋণ লৈছো ৷ চৰকাৰে যিমান ঋণ ঘূৰাই দিব পাৰিব তাৰ ওপৰতে নিৰ্ভৰ কৰি ঋণ লৈছো বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

লোকসভা নিৰ্বাচনৰ পূৰ্বেই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ডাঙৰ কথা ৷ এইবাৰ লোকসভা নহয় বিধানসভাক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য ৷ ২০২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে লাভ কৰিব ১০০ খন আসন ৷ “শচীন তেণ্ডুলকাৰে কেৱল চেঞ্চুৰী নামাৰে, আমিও চেঞ্চুৰী মাৰিম “, এই মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ অসম বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ইয়াকো কয় যে অতি সোনকালেই ৰাজ্যৰ ৬ লাখ মানুহে লাভ কৰিব প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ সমূহ ৷ দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰদান কৰিব এই ঘৰ সমূহ।

এই লেখাটোৰ বিষয়ে আপোনাৰ মতামত কমেণ্ট কৰি জনাওক। লগতে, যদি আপুনি এই লেখাটো ভাল পাইছে তেন্তে ইয়াক শ্বেয়াৰ কৰক আৰু আন অনুৰূপ লেখা পঢ়িবলৈ AxomInfo ফেচবুক পেজটো LIke আৰু Follow কৰি আমাৰ সৈতে সংযুক্ত হৈ থাকক।

Leave a comment