এইবোৰ কথাই মহিলাৰ যৌন স্বাস্থ্যৰ ওপৰত পেলায় প্ৰভাৱ, জানক স্ত্ৰীৰোগ বিশেষজ্ঞই কি কয় ?

আজি যদিও প্ৰতিটো ক্ষেত্ৰতে নাৰী সকল আগবাঢ়িছে, তথাপিও সমাজৰ এক বৃহৎ অংশই নাৰীক তুচ্ছজ্ঞান কৰে। নাৰীৰ ইচ্ছা, তেওঁলোকৰ আৱেগ, তেওঁলোকৰ সপোন আৰু জীৱনৰ পৰা তেওঁলোকৰ আশাৰ কথা খুব কমেইহে কোৱা হয়। এতিয়া যেতিয়া আমি নাৰীৰ সৈতে জড়িত সাধাৰণ বিষয়বোৰৰ কথা ক’বলৈ অসুবিধা পাইছো, তেতিয়া নাৰীৰ যৌন স্বাস্থ্যৰ বিষয়ে মুকলিকৈ ক’বলৈ অলপ কঠিন হৈ পৰিছে। আচলতে এই বিষয়ে মুকলিকৈ আলোচনা কৰা উচিত। বহু কথাই মহিলাৰ যৌন স্বাস্থ্যত প্ৰভাৱ পেলায় যিবোৰৰ কথা কোৱাটো গুৰুত্বপূৰ্ণ। মহিলাসকলে নিজেই প্ৰায়ে নিজৰ যৌন স্বাস্থ্যৰ লগত জড়িত কথাবোৰৰ বিষয়ে অজ্ঞাত হৈ থাকে আৰু ইয়াৰ বাবে বহুবাৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। ইয়াত আমি আপোনালোকক এনে কিছুমান কথা কৈছো যিয়ে মহিলাৰ যৌন স্বাস্থ্যত প্ৰভাৱ পেলায়। নয়ডাৰ ফৰ্টিছ হাস্পতালৰ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ অনিতা সিংঘালাই এই সন্দৰ্ভত তথ্য আগবঢ়াইছে।

হৰম’নৰ ভাৰসাম্যহীনতা

ঋতুচক্ৰ, গৰ্ভাৱস্থা, প্ৰসৱ আৰু ৰজোনিবৃত্তিকে ধৰি বহু কাৰণত মহিলাৰ শৰীৰত হৰম’নৰ উঠা-নমা হ’ব পাৰে। এই ভাৰসাম্যহীনতাৰ ফলত কামনাশক্তি কমি যায়, যোনি শুকান হোৱা আৰু মেজাজৰ পৰিৱৰ্তন হ’ব পাৰে। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ নাৰীৰ যৌন ইচ্ছা আৰু আনন্দৰ ওপৰত পৰে।

মানসিক স্বাস্থ্য

এই কথাটো প্ৰায়ে আওকাণ কৰা হয় যদিও যৌন স্বাস্থ্যৰ লগতো মানসিক স্বাস্থ্যৰ সম্পৰ্ক আছে। মানসিক চাপ, উদ্বেগ, হতাশা আৰু আন বহু কাৰণত যৌন সম্পৰ্ক স্থাপনৰ ইচ্ছা কমি যাব পাৰে। এইবোৰো গুৰুত্ব দিব লাগে।

শাৰীৰিক অৱস্থা

মহিলাৰ বহুতো চিকিৎসাজনিত অৱস্থা যেনে পিচিঅ’এছ (পলিচিষ্টিক অভাৰী চিণ্ড্ৰম), পিআইডি (পেলভিক ইনফ্লেমেটৰী ডিজিজ) আৰু যৌন সংক্ৰমণ (এছটিআই) আদিয়ে মহিলাৰ যৌন স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়।

জীৱনশৈলীৰ কাৰক

অনুচিত খাদ্যাভ্যাস, টোপনিৰ অভাৱ আৰু অন্যান্য জীৱনশৈলী সম্পৰ্কীয় কাৰণেও মহিলাৰ যৌন স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। এইবোৰৰ ফলত ভাগৰুৱা, দুৰ্বলতা আৰু কামনা কমি যাব পাৰে। এইবোৰো বুজিব লাগে।

যদি আপোনাৰ কোনো স্বাস্থ্য সম্পৰ্কীয় সমস্যা আছে তেন্তে লেখাটোৰ তলত দিয়া কমেণ্ট বক্সত আমাক জনাওক। আমি আমাৰ লেখাৰ জৰিয়তে আপোনাৰ সমস্যা সমাধানৰ চেষ্টা কৰিম। যদি এই লেখাটো ভাল লাগিল, তেন্তে শ্বেয়াৰ কৰিব। এনেধৰণৰ লেখা আৰু পঢ়িবলৈ অসমইন্ফৰ সৈতে সংযুক্ত হৈ থাকক।

এই লেখাটোৰ বিষয়ে আপোনাৰ মতামত কমেণ্ট কৰি জনাওক। লগতে, যদি আপুনি এই লেখাটো ভাল পাইছে তেন্তে ইয়াক শ্বেয়াৰ কৰক আৰু আন অনুৰূপ লেখা পঢ়িবলৈ AxomInfo ফেচবুক পেজটো LIke আৰু Follow কৰি আমাৰ সৈতে সংযুক্ত হৈ থাকক।

Leave a comment