এই সকল লোকে পাব ১০ হাজাৰতকৈ অধিক টকা! গৃহমন্ত্ৰীয়ে কলে এই কথা..

Sahara Refund Portal: কেন্দ্ৰীয় সমবায় মন্ত্ৰী আৰু দেশৰ গৃহমন্ত্ৰীয়ে কয় যে কেতিয়া ১০ হাজাৰতকৈ অধিক ধন বিনিয়োগকাৰীলৈ হস্তান্তৰ কৰা হ’ব।

Sahara Refund Portal: কেন্দ্ৰীয় সমবায় মন্ত্ৰী তথা গৃহমন্ত্ৰী অমিত শ্বাহে পুনৰবাৰ চাহাৰা গ্ৰুপৰ সমবায় সমিতিসমূহৰ জমাকাৰীসকলক আশ্বাস দিছে যে আগন্তুক সময়ত তেওঁলোকৰ সম্পূৰ্ণ ধন ঘূৰাই দিয়া হ’ব। যোৱা মাহত চৰকাৰে চি আৰ চি এছ চাহাৰা ৰিফাণ্ড পৰ্টেল প্ৰৱৰ্তন কৰিছিল যাতে জমাকাৰীসকলে চাহাৰা গ্ৰুপৰ চাৰিখন সমবায় সমিতিত আবদ্ধ হৈ থকা ধন দাবী কৰিব পাৰে।

উচ্চতম ন্যায়ালয়ে ‘ছেবি-চাহাৰা ৰিফাণ্ড একাউণ্ট’ৰ পৰা ৫ হাজাৰ কোটি টকা সমবায় সমিতিৰ কেন্দ্ৰীয় পঞ্জীয়কলৈ হস্তান্তৰ কৰাৰ অনুমতি দিয়াৰ পিছতে এই পৰ্টেলটো মুকলি কৰা হয়। চাহাৰা গোটৰ সমবায় সমিতিৰ বিনিয়োগকাৰীয়ে লাভ কৰিবলৈ আৰম্ভ কৰিছে ১০ হাজাৰ টকাৰ প্ৰথম কিস্তি। শুকুৰবাৰে অমিত শ্বাহে এই দাবীৰ ধন দিল্লীৰ চাহাৰা ৰিফাণ্ড পৰ্টেলৰ জৰিয়তে চাহাৰা গ্ৰুপৰ সমবায় সমিতিৰ জমাকাৰীলৈ হস্তান্তৰ কৰিছিল।

গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে প্ৰথম কিস্তিৰ ১০ হাজাৰকৈ টকা ১১২ জন হিতাধিকাৰীলৈ হস্তান্তৰ কৰা হৈছে। এতিয়ালৈকে ১৮ লাখ লোকে চি আৰ চি এছ চাহাৰা ৰিফাণ্ড পৰ্টেলত পঞ্জীয়ন কৰিছে। ইয়াৰে ১৪ লাখ জমাকাৰীৰ আৱেদন ইতিমধ্যে অনুমোদন কৰা হৈছে।

কেতিয়ালৈকে পাব ১০ হাজাৰতকৈ অধিক ধন

এই পৰ্টেলটো জুলাই মাহত মুকলি কৰা হৈছিল। যিসকল বিনিয়োগকাৰীৰ ধন চাহাৰা গ্ৰুপৰ চাৰিখন সমবায় সমিতিত আবদ্ধ হৈ আছে, তেওঁলোকে এই পৰ্টেলৰ জৰিয়তে ধন ঘূৰাই পোৱাৰ বাবে আবেদন কৰিব পাৰিব। বৰ্তমান মাত্ৰ ১০ হাজাৰ টকা পৰ্যন্ত কিস্তিহে প্ৰেৰণ কৰা হৈছে। পিছত অতি সোনকালে ইয়াৰ দ্বিতীয় কিস্তি বা সম্পূৰ্ণ ধন দিব বুলি ঘোষণা কৰিব পাৰি। অদূৰ ভৱিষ্যতে সমগ্ৰ ধন ঘূৰাই দিয়াত সফল হ’ব বুলিও গৃহমন্ত্ৰীগৰাকীয়ে কয়।

জমাকাৰীয়ে কি কৰা উচিত?

চাহাৰা গ্ৰুপৰ সকলো জমাকাৰীয়ে চি আৰ চি এছ চাহাৰা ৰিফাণ্ড পৰ্টেলত নিজকে পঞ্জীয়ন কৰিব লাগিব আৰু ৰিফাণ্ডৰ বাবে যোগ্য হ’বলৈ আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। ছেবি চাহাৰাৰ ৰিফাণ্ড একাউণ্টত আছে ২৩ হাজাৰ কোটিতকৈ অধিক। চৰকাৰে আশা কৰিছে যে বৰ্তমানৰ ৫০০০ কোটি টকা জমাকাৰীক দিয়াৰ পিছত চাহাৰাই ৰিফাণ্ড একাউণ্টলৈ অধিক ধন ট্ৰেন্সফাৰ কৰিব।

Leave a Comment