মোডী চৰকাৰে আগবঢ়াইছে ৬০০০ টকাৰ আৰ্থিক সাহায্য, কেৱল এইসকল লোকেহে ল’ব পাৰিব সুবিধা

ক্ষমতা দখল কৰাৰ পিছৰে পৰা মোডী চৰকাৰে বহু আঁচনি চলাই আহিছে। এই আঁচনিসমূহৰ জৰিয়তে মোডী চৰকাৰৰ লক্ষ্য হৈছে ৰাইজৰ কল্যাণ কৰা। এইবোৰত কৃষকসকলক সুবিধা প্ৰদানৰ বাবেও চৰকাৰৰ ফালৰ পৰা বহু প্ৰচেষ্টা হাতত লোৱা হৈছে। একে সময়তে মোডী চৰকাৰে কৃষকৰ বাবেও এক আচৰিত আঁচনি চলাই আছে, যাৰ ফলত কৃষকসকল উপকৃত হৈছে। আচলতে PM Kisan Yojana মোডী চৰকাৰে কৃষকৰ বাবে চলাই আছে। যাৰ বাবে কোটি কোটি লোক উপকৃত হৈছে।

পি এম কিষাণ যোজনা

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা (PM-Kisan Yojana) হৈছে চৰকাৰী আঁচনি যাৰ জৰিয়তে সকলো ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকে নূন্যতম আয়ৰ সহায় হিচাপে বছৰি ৬ হাজাৰ টকা পৰ্যন্ত লাভ কৰে। এই আঁচনিৰ অধীনত লাখ লাখ কৃষক উপকৃত হৈছে। ২০১৮ চনৰ ১ ডিচেম্বৰৰ পৰা প্ৰধানমন্ত্ৰী কিষাণ যোজনা বলবৎ হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰৰ জৰিয়তে আৰম্ভ কৰা হৈছিল।

পি এম কিষাণ আঁচনিৰ সুবিধা

প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত সমগ্ৰ দেশৰ সকলো যোগ্য কৃষক পৰিয়ালক প্ৰতি চাৰি মাহৰ মূৰে মূৰে ২০০০ টকাকৈ তিনিটা সমান কিস্তিত প্ৰতি বছৰে ৬০০০ টকা আয়ৰ সহায় আগবঢ়োৱা হয়। আঁচনিখনত পৰিয়ালক স্বামী, পত্নী আৰু নাবালক সন্তান বুলি সংজ্ঞায়িত কৰা হৈছে। কৃষক/কৃষকৰ পৰিয়ালৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ ২০০০ টকাৰ পৰিমাণ ট্ৰেন্সফাৰ কৰা হয়।

পি এম কিষাণ যোজনাৰ বাবে কোন যোগ্য?

  • এই আঁচনিৰ অধীনত খেতি কৰিব পৰা মাটি থকা মাটিৰ মালিক কৃষক পৰিয়ালে নিজৰ নামত আবেদন কৰিব পাৰিব।
  • চহৰ আৰু গ্ৰাম্য উভয় অঞ্চলৰ কৃষক।
  • ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষক পৰিয়াল।

পি এম কিষাণ যোজনাৰ বাবে কোন কোন যোগ্য নহয়?

  • প্ৰতিষ্ঠানিক মালিক।
  • ৰাজ্য/কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু চৰকাৰী স্বায়ত্তশাসিত সংস্থাৰ বৰ্তমান বা অৱসৰপ্ৰাপ্ত বিষয়া-কৰ্মচাৰী।
  • উচ্চ অৰ্থনৈতিক মৰ্যাদাৰ হিতাধিকাৰী যোগ্য নহয়, যিসকলে আয়কৰ আদায় দিয়ে।
  • সাংবিধানিক পদত অধিষ্ঠিত কৃষক পৰিয়াল।
  • চিকিৎসক, অভিযন্তা আৰু উকীলৰ দৰে পেছাদাৰী।
  • ১০ হাজাৰ টকাৰ ওপৰত মাহিলী পেঞ্চন থকা অৱসৰপ্ৰাপ্ত পেঞ্চনাৰ।

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ বাবে কেনেকৈ পঞ্জীয়ন কৰিব?

কৃষকসকলে স্থানীয় ৰাজহ বিষয়া বা কোনো ন’ডেল বিষয়াৰ কাষ চাপিব লাগে। কমন চাৰ্ভিচ চেণ্টাৰ(CSC) কো মাচুল আদায় দি কৃষকক আঁচনিৰ বাবে পঞ্জীয়ন কৰিবলৈ অনুমোদন দিয়া হৈছে।

কৃষকৰ কোণ

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অফিচিয়েল ৱেবছাইট – pmkisan.gov.in ত ‘কিষাণ কৰ্ণাৰ’ নামেৰে এটা শিতান আছে। কৃষকসকলে পৰ্টেলত থকা কৃষক কোণৰ জৰিয়তে নিজৰ পঞ্জীয়ন কৰিব পাৰিব। পি এম-কিছান ডাটাবেছত নামটো সম্পাদনা কৰিও তেওঁলোকৰ পেমেণ্টৰ অৱস্থা জানিব পাৰে।

প্ৰয়োজনীয় নথিপত্ৰ

  • আধাৰ বাধ্যতামূলক।
  • নাগৰিকত্বৰ প্ৰমাণ পত্ৰ, মাটিৰ কাগজ আৰু বেংক একাউণ্টৰ সবিশেষ সংশ্লিষ্ট কৰ্তৃপক্ষক জমা দিব লাগিব।

2 thoughts on “মোডী চৰকাৰে আগবঢ়াইছে ৬০০০ টকাৰ আৰ্থিক সাহায্য, কেৱল এইসকল লোকেহে ল’ব পাৰিব সুবিধা”

  1. মই ৯ টা কৃষ্টি পালো বাকী কেইটা পোৱা নাই । প্ৰয়োজনীয় সকলো নথি দি আহিছো যদিও পোৱা নাই । জনালে সূখী হম ।

    Reply

Leave a Comment