মুম্বাইত উদ্ধাৰ অসমৰ অভিনেত্ৰীৰ মৃতদেহ, অভিনয় কৰিছিল কাজলৰ ৱেব ছিৰিজত

বলীউদ অভিনেত্ৰী কাজলৰ ৱেব ছিৰিজ ‘দ্য ট্ৰায়েল’ ফেম অভিনেত্ৰী নুৰ মালৱিকা দাসৰ মৃত্যু। অভিনেত্ৰীগৰাকীৰ মৃতদেহ মুম্বাইৰ লোখণ্ডৱালাস্থিত তেওঁৰ বাসগৃহত উদ্ধাৰ হয়। ৬ জুনত প্ৰাক্তন এয়াৰ হোষ্টেজ তথা অভিনেত্ৰীগৰাকীৰ মৃতদেহ উৱলি যোৱা অৱস্থাত উদ্ধাৰ হয়। ৰিপ’ৰ্ট অনুসৰি, অভিনেত্ৰীগৰাকীয়ে চূড়ান্ত সিদ্ধান্ত বাচি লৈছিল, কিন্তু মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্ট পোহৰলৈ অহাৰ পিছতহে স্পষ্ট হ’ব মৃত্যুৰ প্ৰকৃত কাৰণ।

নুৰ মালৱিকা দাস এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু কেইবাখনো ৱেব ছিৰিজ, টিভি ছিৰিয়েল আৰু বলীউদৰ ছবিত অভিনয় কৰিছে। নিজৰ সৌন্দৰ্য আৰু অভিনয়ৰ জৰিয়তে মানুহৰ হৃদয়ত স্থান দখল কৰিবলৈ সক্ষম হৈছিল নুৰে। মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা নুৰে প্ৰাপ্তবয়স্ক আৰু ব’ল্ড ছিৰিজেৰে নিজৰ পৰিচয় বনাইচিল। উল্লু এপৰ কেইবাখনো ৱেব ছিৰিজত দেখা গৈছে অভিনেত্ৰীগৰাকীক।

এই লেখাটোৰ বিষয়ে আপোনাৰ মতামত কমেণ্ট কৰি জনাওক। লগতে, যদি আপুনি এই লেখাটো ভাল পাইছে তেন্তে ইয়াক শ্বেয়াৰ কৰক আৰু আন অনুৰূপ লেখা পঢ়িবলৈ AxomInfo ফেচবুক পেজটো LIke আৰু Follow কৰি আমাৰ সৈতে সংযুক্ত হৈ থাকক।

Leave a comment