জানেনে! বৃহস্পতিবাৰে কিয় পালন কৰা হয় উপবাস? পোৱা যায় অত্যধিক লাভ

বৃহস্পতিবাৰে বৃহস্পতি গ্ৰহক পূজা কৰা পৰম্পৰা। এই পূজাই পৰিয়ালত সুখ আৰু শান্তি কঢ়িয়াই আনে। হিন্দু ধৰ্মত ভগৱান বৃহস্পতিকো বুদ্ধিৰ কাৰণ বুলি গণ্য কৰা হয়। এই দিনটোত কলৰ গছক পূজা কৰিলে ভাল। যদি কোনো ব্যক্তিয়ে বিবাহ জীৱনত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হয়, তেন্তে তেওঁক বৃহস্পতিবাৰে উপবাস ৰখাৰ পৰামৰ্শ দিয়া হৈছে। বৃহস্পতিবাৰে উপবাস ৰখাসকলে হালধীয়া কাপোৰ পিন্ধে।

বৃহস্পতিবাৰৰ উপবাসৰ পদ্ধতি

বৃহস্পতিবাৰৰ পূজা নিয়ম-নীতি অনুসৰি কৰিব লাগে। উপবাসৰ দিনা ৰাতিপুৱা সাৰ পাই বৃহস্পতি ভগৱানক পূজা কৰিব লাগে। বৃহস্পতি ভগৱানক হালধীয়া বস্তু, হালধীয়া ফুল, বুটৰ দালি, শুকান আঙুৰ, হালধীয়া মিঠাই, হালধীয়া চাউল আৰু হালধী আগবঢ়াই পূজা কৰা হয়। এই ব্ৰতত কলৰ গছ পূজা কৰা হয়। পূজাৰ সময়ত নিজৰ মন, কৰ্ম আৰু বাক্য শুদ্ধ কৰি নিজৰ ইচ্ছা পূৰণৰ বাবে বৃহস্পতি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে।

পানীত হালধী দি কলগছত অৰ্পণ কৰক। কলৰ গুৰিলৈ বুটৰ দালি আৰু কিচমিচ আগবঢ়াওক আৰু লগতে দীপ জ্বলাই গছৰ আৰতি কৰিব। দিনটোত এবাৰহে খাদ্য খাব লাগে। খাদ্যত বুটৰ দালি বা হালধীয়া বস্তু খাব, নিমখ নাখাব, হালধীয়া কাপোৰ পিন্ধিব, হালধীয়া ফল ব্যৱহাৰ কৰিব। পূজাৰ অন্তত বৃহস্পতি ভগৱানৰ কাহিনী শুনা উচিত। ইয়াৰ অবিহনে ব্ৰত অসম্পূৰ্ণ বুলি গণ্য কৰা হয়।

এই লেখাটোৰ বিষয়ে আপোনাৰ মতামত কমেণ্ট কৰি জনাওক। লগতে, যদি আপুনি এই লেখাটো ভাল পাইছে তেন্তে ইয়াক শ্বেয়াৰ কৰক আৰু আন অনুৰূপ লেখা পঢ়িবলৈ AxomInfo ফেচবুক পেজটো LIke আৰু Follow কৰি আমাৰ সৈতে সংযুক্ত হৈ থাকক।

Leave a comment