জোনমণি ৰাভাৰ মৃত্যু গোচৰ উঠাই ল’লে মাতৃ সুমিত্ৰা ৰাভাই.. সমাপ্তি ঘটিল এটা অধ্যায়ৰ!

সময়ে গঢ়ে, সময়েই মচি নিয়ে। এগৰাকী মাতৃয়ে বুজে, সন্তানক হেৰুওৱাৰ দুখে কেনেদৰে হৃদয় ভাঙে? জোনমণিৰ মাতৃৰ বুকুত জ্বলি আছে একুৰা ক্ষোভৰ জুই। মাতৃয়ে বিস্ফোৰক মন্তব্য কৰি কৈছিল, ‘মই জানো, জোনমণিক তেওঁলোকেই হত্যা কৰিছে৷’ কিন্তু সময় বাগৰিলে সেই ক্ষোভৰ জুইকুৰাও লাহে লাহে নুমাই আহিছে। এদিন ক্ষোভত ফাটি পৰা মাতৃয়ে অৱশেষত উঠাই ল’লে জোনমনিক হত্যা কৰা হৈছে বুলি তদন্ত বিচাৰি দিয়া সকলো গোচৰ।

মাতৃ সুমিত্ৰা ৰাভাই দিয়া গোচৰ নম্বৰ দুটা ক্ৰমে ৮৪/২০২৩ আৰু ৮৭/২০২৩। কলিয়াবৰ ন্যায়িক আদালতত উপস্থিত হৈ জোনমণিৰ মাতৃয়ে উঠাই লয় সকলো গোচৰ। কলিয়াবৰ ন্যায়িক আদালতত উপস্থিত হোৱাৰ সময়ত মাতৃৰ সৈতে আছিল CBIৰ বিষয়া কৰ্মচাৰী।

উল্লেখ্য যে কন্যা জোনমণিক হেৰুৱাই ভাঙি পৰা মাতৃয়ে জোনমণিৰ মৃত্যুক লৈ আঙুলি টোৱাইছিল কেইবাজনো আৰক্ষী বিষয়াৰ বিৰুদ্ধে৷ মাতৃয়ে কৈছিল, ‘মই মোৰ ছোৱালীক হেৰুৱালো৷ তাই গছ হৈ পৰিয়ালটোক ছাঁ দি আছিল৷ তাই নিজেই এক্সিডেণ্ট হৈ মৰিলে এই মৃত্যুক মানি ল’লোহেতেন৷ বেমাৰ হৈ মৰিলেও এই মৃত্যুক স্বীকাৰ কৰিলোহেতেন৷ তেওঁলোকে মাতি নি বুদ্ধি কৰি মাৰি পেলালে৷’

এই লেখাটোৰ বিষয়ে আপোনাৰ মতামত কমেণ্ট কৰি জনাওক। লগতে, যদি আপুনি এই লেখাটো ভাল পাইছে তেন্তে ইয়াক শ্বেয়াৰ কৰক আৰু আন অনুৰূপ লেখা পঢ়িবলৈ AxomInfo ফেচবুক পেজটো LIke আৰু Follow কৰি আমাৰ সৈতে সংযুক্ত হৈ থাকক।

Leave a comment