SI জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ একমাত্ৰ প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাস সন্ধানহীন

গভীৰ নিশা, দপদপীয়া বৰষুণ, এখন মাৰুতি চুজুকীৰ এছ প্ৰেছো বাহন আৰু অকলশৰে বাহনখন চলাই যোৱা SI জোনমণি ৰাভা….. আৰু তাৰ পাছত নিশা প্ৰায় ২ বজাত কলিয়াবৰৰ সৰুভগীয়াত এক পথ দুৰ্ঘটনাত মৃত্যু জোনমণি ৰাভাৰ…. আৰু তাৰ পাছত মাতৃ-মাহীয়েক ভগ্নীৰ অভিযোগ শেষ নিশা প্ৰায় ৩ বজাত আৰক্ষীৰ এটা দলে জোনমণি ৰাভাৰ ঘৰত তালাচী চলাই জব্দ কৰে ১ লাখ টকা। তাৰ পাছতে সামাজিক মাধ্যমত ৰহস্যজনকভাৱে ভাইৰেল মৃত SI ৰ জোনমণিৰ বিৰুদ্ধে এখন বিশেষ এজাহাৰ কপি….. এতিয়া আকৈ জোনমণি ৰাভাৰ একমাত্ৰ প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাস সন্ধানহীন……… এনে লগা নাই নে এখন নাটক বা চিনেমাৰ দৃশ্যপটহে এয়া।


বিধায়কক ফোনত ধমক দি বা কুখ্যাত অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই লেডী সিংঘমৰ নাম পোৱা SI জোনমণি ৰাভা আৰু নাই। বিশেষকৈ বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞাক ফোনযোগে ধমক দি জনতাৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছিল জোনমণি ৰাভা। বিধায়ক অমিয় কুমাৰ ভূঞালৈ জোনমণি ৰাভাৰ শক্তিশালী শেল আছিল এনেধৰণৰ…. আপোনালোক এম.এল.এ মিনিষ্টাৰ হৈ নিয়ম-কানুন বনাই আমাক ভাঙিবলৈ দিলে কেনেকৈ হ’ব?

কিন্তু লেডী সিংঘমৰ খিতাপ পোৱা জোনমণি ৰাভা হেৰাই গ’ল সকলোৰে মাজৰ পৰা….. গভীৰ নিশা…. দপদপীয়া বৰষুণ… ২ বজাত অকলশৰে গাড়ী চলাই ক’লৈ গৈছিল জোনমণি ৰাভা? কিয় নিশা ১০ বজাৰ পৰা মাকৰ ফোন ৰিচিভ কৰা নাছিল জোনমণি ৰাভাই? এইবোৰ প্ৰশ্নৰ লগতে আৰু কেইটামান বিস্ফোৰক প্ৰশ্ন উত্থাপিত হৈছে সচেতন মহলত। এই গভীৰ নিশা অসামৰিক পোছাকত ক’ৰ পৰা ক’লৈ গৈছিল জোনমণি?

কোনোবাই মাতি নিছিল নেকি জোনমণিক? এনেবোৰ প্ৰশ্নৰ মাজতে আন একাংশই আকৌ এই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি এক উচ্চস্তৰীয় তদন্তৰো দাবী কৰিছে।

আমাৰ হাতত আহি পৰা জোনমণি ৰাভাৰ মাতৃৰ এক বিস্ফোৰক ভাষ্য এনেধৰণৰ…. “তাইক কোনোবা শত্ৰুৱে মাৰিলে; তাই কেতিয়াও এনেকৈ নমৰে; তাইক ওপৰৰ পৰাও চাপ দিছে”

জোনমণিৰ কাহিলীপাৰাৰ বাসগৃহৰ ওচৰ চুবুৰীয়াৰ মনতো সন্দেহৰ সৃষ্টি হৈছে। গাড়ী ভাঙি চুৰমাৰ হৈ গ’ল তথাপিও মুখ বা সন্মুখৰ ফালে থেতেলা খোৱাৰ দাগ নাই কিয়? এই ক্ষেত্ৰত মিডিয়াক তদন্ত কৰাৰ ক্ষেত্ৰত সহায় কৰিবলৈ আহ্বান ওচৰ চুবুৰীয়াৰ।

চলচ্চিত্ৰ বা নাটকৰ দৰেই ৰহস্যঘন হৈ পৰিছে সমগ্ৰ বিষয়। এফালে গভীৰ নিশা জোনমণিৰ দুৰ্ঘটনা… তাৰ পাছতে ছ’চিয়েল মিডিয়াত ভাইৰেল এখন বিশেষ এজাহাৰৰ প্ৰতিলিপি। আমিনা খাতুন নামৰ এগৰাকী মহিলাই মৃত্যুৰ পূৰ্বে লখিমপুৰ থানাত এজাহাৰখন দাখিল কৰিছিল। এজাহাৰখনত জোনমণি ৰাভাৰ বিৰুদ্ধে উত্থাপিত হৈছিল বিস্ফোৰক অভিযোগ। মৃত্যুৰ পূৰ্বে জোনমণি ৰাভাৰ বিৰুদ্ধে ৬ লাখ টকা ধন দাবীৰ গোচৰ ৰুজু হৈছিল।

বিগত ৬ মে’ৰ নিশা প্ৰায় ২ বজাত নগাঁৱৰ এছ আই জোনমণি ৰাভাই মুৰমহম্মদ কালিয়া, আজিমুদ্দিন, মুস্তাক আহমেদ, মুক্তাৰ হুছেইন, আটাবুৰ ৰহমান, নজৰুল ইছলাম আৰু ৰিয়াজুল ইছলামৰ সৈতে উপস্থিত হৈছিল আমিনা খাতুনৰ ঘৰত। তাৰ পাছত আমিনা খাতুনৰ পুত্ৰ আজগৰ আলিক প্ৰহাৰ কৰি নিজৰ লগত লৈ গৈছিল। আগজৰ আলীৰ লগতে জোনমণি ৰাভা আৰু দলটোত থকা অন্য আৰক্ষীয়ে নগদ ৮০ হাজাৰ টকা, ভোটাৰ আই ডি, পান কাৰ্ড আৰু আজগৰৰ পত্নীৰ সোণৰ অলংকাৰো কাঢ়ি নিয়ে। আনকি আজগৰৰ ভাতৃ আবু তালেবৰ ব্ৰীজা গাড়ীখনো জোনমণি ৰাভাৰ দলটোৱে লৈ যোৱা বুলি এজাহাৰত উল্লেখ আছে ।

জোনমণি ৰাভাৰ মৃত্যুৰ সৈতে এই ঘটনাৰো ক’ৰবাত নহয় ক’ৰবাত যোগসূত্ৰ আছে নেকি? মৃত্যুৰ আগদিনা এজাহাৰ দাখিল আৰু পাছদিনা এই এজাহাৰ কপি ভাইৰেল হোৱাৰ অন্তৰালত আছে নেকি কিবা ৰহস্য?

ইয়াৰো এক উচিত তদন্তৰ প্ৰয়োজন নাই নে?

মুঠৰ ওপৰত এটাৰ লগত আন এটা ঘটনা বা কাণ্ডৰ সংযোগ থকা যেন লগা নাইনে? এয়া সঁচাকৈয়ে দুৰ্ঘটনা নে পৰিকল্পিত দুৰ্ঘটনা নে চাপ সহ্য কৰিব নোৱাৰি লেডী সিংঘমে বাছি ল’লে চৰম পথ? মাতৃয়ে চিঞৰি চিঞৰি অনা অভিযোগ বা মাতৃয়ে কোৱা অনুসৰি জোনমণিৰ শত্ৰু কোন বা ওপৰৰ পৰা কোনে জোনমণিক হেঁচা দিছিল তাৰো নিশ্চয় এক তদন্তৰ প্ৰয়োজন বুলি সকলোৱে উপলব্ধি কৰিছে।

অৱশ্যে লখিমপুৰ থানাত জোনমণিৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ আৰু জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ গোচৰ CID ক তদন্ত কৰিবলৈ নিৰ্দেশ দিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান GP SINGH-য়ে।

কিন্তু দুৰ্ভাগ্যজনক কথাটো হ’ল, চিৰদিনলৈ হেৰাই গ’ল এগৰাকী সাহসী আৰক্ষী বিষয়া…।

Leave a Comment