প্রধানমন্ত্রী কিষাণক ধন দিয়াৰ চূড়ান্ত তাৰিখ প্রকাশ কৰা হৈছে, সবিশেষ জানি লওক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উদ্যোগত, প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ বাবে সমগ্ৰ ভাৰতৰ কৃষক আৰু সাধাৰণ জনতাৰ মাজত বহু প্ৰশ্ন উত্থাপন হৈছে। আৰু এই সকলোবোৰৰ ভিতৰত আটাইতকৈ তাৎপৰ্যপূৰ্ণ প্ৰশ্নটো হ’ল আগন্তুক দিনত PM Kisan যোজনাৰ অধীনত কৃষকসকলে কেতিয়া অনুদান লাভ কৰিব। আৰু এইবাৰ সমগ্ৰ ভাৰতৰ কৃষক আৰু সাধাৰণ জনতাৰ এই প্ৰশ্নৰ উত্তৰ প্ৰধানমন্ত্ৰীয়ে নিজেই দিলে।

বিভিন্ন প্রতিবেদনত প্রকাশিত খবৰ অনুসৰি এই নতুন বছৰৰ আৰম্ভণিতে অৰ্থাৎ ২০২৩ চনত পি এম কিষাণ যোজনাৰ ধন দিয়াৰ চূড়ান্ত তাৰিখ (PM Kisan Yojana money giving final date) বুলি জানিব পৰা গৈছে৷ কিন্তু এই ৰাজসাহায্য কেতিয়া কৃষকক দিয়া হ’ব সেয়া সঠিকভাৱে জনা সম্ভৱ নহয়। অৱশ্যে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজে ভাৰতৰ সাধাৰণ জনতাক টুইটৰ জৰিয়তে কয় যে চলিত মাহৰ একেবাৰে শেষৰ ফালে অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ ভিতৰতে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অনুদানৰ ধন কৃষকৰ একাউণ্টলৈ স্থানান্তৰ কৰা হ’ব।

বিভিন্ন সূত্ৰৰ জৰিয়তে পোৱা সকলো খবৰ অনুসৰি যোৱা শুকুৰবাৰে অৰ্থাৎ ২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ চতুৰ্থ বৰ্ষপূৰ্তি। আৰু এই উপলক্ষে কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে এক বিশেষ টুইট কৰি সমগ্ৰ দেশৰ কৃষকক শুভেচ্ছা জনায়। কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰৰ এই টুইটৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশৰ কৃষকসকলক অৱগত কৰে যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ত্ৰয়োদশ কিস্তিৰ ধন অহা ২৭ ফেব্ৰুৱাৰীৰ পৰা (PM Kisan Yojana money giving final date)। অৰ্থাৎ আজিৰ পৰা পি এম কিষানৰ অধীনত থকা কৃষকসকলে ১৩ কিস্তিৰ ধন লাভ কৰিবলৈ ওলাইছে।

যদি আপুনিও PM Kisan সামৰি লোৱা কৃষক তেন্তে PM Kisan ৰ অফিচিয়েল ৱেবছাইটত ষ্টেটাছ পৰীক্ষা কৰি এই ত্ৰয়োদশ কিস্তি পাব নে নাই সেইটোও জানিব পাৰিব। ইয়াৰ বাহিৰেও যদি আপোনাৰ পি এম কিষাণৰ সৈতে জড়িত কোনো সমস্যা আছে তেন্তে কেন্দ্ৰীয় চৰকাৰৰ হৈ কাৰ্যকৰী হোৱা ১৫৫২৬১, ১৮০০১১৫৫২৬, ০১১-২৩৩৮১০৯২ নম্বৰ হেল্পলাইন নম্বৰত যোগাযোগ কৰিব পাৰে। আপুনিও PM Kisan Yojana ৰ official email id pmkisan-ict@gov.in ত ইমেইল কৰি আপোনাৰ সমস্যাৰ বিষয়ে PM Kisan Yojana কৰ্তৃপক্ষক অৱগত কৰিব পাৰে।

যদি এই লিখনি ভাল লাগিল, তেন্তে ফেচবুকত শ্বেয়াৰ আৰু লাইক কৰক। এনেধৰণৰ আৰু অধিক লেখা পঢ়িবলৈ AXOMINFO সৈতে সংযুক্ত হৈ থাকক। আপোনাৰ মতামত আমালৈ কমেণ্ট বক্সত পঠাওক।

Leave a Comment