Onion Juice for Hair Fall ঃ পিঁয়াজে আমাৰ খাদ্যৰ সোৱাদ বৃদ্ধি কৰে। ইয়াক ঘৰতে বহু ধৰণৰ ব্যঞ্জন প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। কিন্তু আপুনি জানেনে যে পিঁয়াজে আপোনাৰ চুলি সৰাও কম কৰিব পাৰে? হয়, পিঁয়াজত থকা এন্টি-বেক্টেৰিয়েল গুণে আপোনাৰ চুলিৰ শিপা শক্তিশালী কৰিব পাৰে। লগতে বাহ্যিক পৰিৱেশৰ পৰা চুলিক ৰক্ষা কৰাত ফলপ্ৰসূ হ’ব পাৰে।
কেৱল এয়াই নহয়, পিঁয়াজত চালফাৰ থাকে, যাৰ ফলত চুলিৰ শিপা মজবুত হয়। লগতে উফিৰ সমস্যা হ্ৰাস কৰাত সহায় কৰিব পাৰে। ই পুষ্টি প্ৰদান কৰাৰ সমান্তৰালকৈ শিপাবোৰ মজবুত কৰিব পাৰে। চুলি সৰা সমস্যা কম কৰিবলৈ পিঁয়াজৰ ৰস কেনেকৈ ব্যৱহাৰ কৰিব পাৰি জানো আহক?
এলোভেৰা জেল আৰু পিঁয়াজৰ ৰসৰ চুলিৰ মাস্ক
পিঁয়াজ আৰু এলোভেৰাৰ মিশ্ৰণে আপোনাৰ চুলিৰ শিপা শক্তিশালী কৰিব পাৰে। এই হেয়াৰ মাস্ক প্ৰস্তুত কৰিবলৈ প্ৰথমে পিয়াজৰ ৰস এচামুচ লৈ তাত এচামুচ এলোভেৰা জেল মিহলাই লওক। ইয়াৰ পিছত এই মিশ্ৰণটো চুলিত লগাওক। প্ৰায় ১০ৰ পৰা ১৫ মিনিটৰ পিছত চুলি ধুব। ইয়াৰ ফলত আপোনাৰ চুলিৰ জিলিকনি বৃদ্ধি পাব পাৰে।
পিঁয়াজ আৰু নেমুৰ ৰস ব্যৱহাৰ কৰক
নেমু আৰু পিঁয়াজৰ ৰসৰ মিশ্ৰণে আপোনাৰ মূৰৰ ছালৰ পি এইচ স্তৰ বজাই ৰখাত ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে। ইয়াৰ ফলত উফিৰ সমস্যা বহু পৰিমাণে হ্ৰাস পাব পাৰে। লগতে মূৰৰ ছালত জমা হোৱা মলিও কম কৰিব পাৰে। পিয়াঁজ আৰু নেমুৰ ৰসৰ মিশ্ৰণে ফোলিকল বন্ধ কৰাৰ কাম কৰে।
নাৰিকল তেল আৰু পিঁয়াজৰ ৰসৰ মিশ্ৰণ
চুলিৰ শুকানতা কম কৰিবলৈ নাৰিকল তেল আৰু পিঁয়াজৰ ৰসৰ মিশ্ৰণ চুলিত লগাব লাগে। এই মিশ্ৰণটো চুলিত লগাবলৈ প্ৰথমে এচামুচ নাৰিকল তেল লৈ তাত পিঁয়াজৰ ৰস মিহলাই চুলিত লগাই ১০ মিনিটমান ৰাখিব। পিছত মৃদু চেম্পুৰ সহায়ত চুলি ধুব।
চুলিৰ বহু ধৰণৰ সমস্যা কমোৱাত পিঁয়াজৰ ৰস ফলপ্ৰসূ হ’ব পাৰে। কিন্তু মনত ৰাখিব যে যদি আপোনাৰ চুলিৰ সমস্যা বেছি হৈ আহিছে, তেন্তে এনে পৰিস্থিতিত নিশ্চিতভাৱে আপোনাৰ বিশেষজ্ঞৰ সহায় লওক।