আৰু কোনোদিনেই বিশ্বকাপ খেলিব নোৱাৰিব নেকি মহম্মদ ছামীয়ে? বিচিচিআয়ে দিলে ডাঙৰ আপডেট

আইপিএলৰ পৰা বাদ পৰিল মহম্মদ ছামী। সেই খবৰ পূৰ্বে আহিছিল । বিচিচিআইৰ এগৰাকী কৰ্মকৰ্তাই ইংগিত দিছে, ২০২৪ আইপিএলত এখন মেচো খেলিব নোৱাৰিব তেওঁ। আনকি টি২০ বিশ্বকাপতো খেলাৰ সম্ভাৱনা কম তেওঁৰ।

২০২৩ অ’ডিআই বিশ্বকাপৰ সময়ত সোঁ ভৰিৰ গোৰোহাত আঘাত পাইছিল ছামীয়ে। তাৰ পিছৰে পৰা বিশ্ৰামত আছে তেওঁ। বিশ্বকাপৰ পিছৰে পৰা এখনো মেচ খেলিব পৰা নাই।

Photo Courtesy- Mohammed Shami/ X account

ছামীয়ে হাস্পতালৰ বেডৰ পৰা অপাৰেচনৰ আপডেট দিছে। তেওঁৰ অস্ত্ৰোপচাৰ হৈছে ব্ৰিটেইনত। নিজৰ পোষ্টত ছামীয়ে লিখিছে, ‘এইমাত্ৰ মোৰ একিলিছ টেণ্ডনত এক সফল অস্ত্ৰোপচাৰ হৈছে। ৰিক’ভাৰীৰ বাবে কিছু সময় লাগিব।’’ ছামীয়ে এক্স হেণ্ডেলত এই খবৰ জনাইছে।

ছামীৰ এতিয়া ৩৩ বছৰ বয়স। আঘাতে তেওঁক পূৰ্বেও জলাকলা খুৱাইছে। পিছৰ অ’ডিআই বিশ্বকাপ যেতিয়া হ’ব তেতিয়া ছামীৰ বয়স হ’ব ৩৭। পেছাৰ হিচাপে তেওঁ ভাৰতীয় দলত তেতিয়া সুযোগ পাবনে নাই তাক লৈ অনিশ্চয়তা আছে।

বিচিচিআয়ে জনাইছে, ছামী আঘাতৰ পৰা মুক্ত হ’বলৈ এনচিএলৈ যাব। কিন্তু তেওঁ সম্পূৰ্ণভাৱে ফিট হ’বলৈ বহু সময় লাগিব।

অৰ্থাৎ বুজা গৈছে, টি২০ বিশ্বকাপত ছামীক আৰু নেদেখাৰ সম্ভাৱনাই বেছি।

তাতে আকৌ ছামীক টেষ্ট বলাৰ হিচাপে ভাবিবলৈ আৰম্ভ কৰিছে টীম মেনেজমেণ্টে। ফলত এনে অৱস্থাত তেওঁক পৰৱৰ্তী টি২০ বিশ্বকাপত খেলিবলৈ দিয়া হ’বনে নাই তাক লৈ আশংকা আছে।

এই লেখাটোৰ বিষয়ে আপোনাৰ মতামত কমেণ্ট কৰি জনাওক। লগতে, যদি আপুনি এই লেখাটো ভাল পাইছে তেন্তে ইয়াক শ্বেয়াৰ কৰক আৰু আন অনুৰূপ লেখা পঢ়িবলৈ AxomInfo ফেচবুক পেজটো LIke আৰু Follow কৰি আমাৰ সৈতে সংযুক্ত হৈ থাকক।

Leave a comment