যোৱা চাৰি বছৰত UPI ৰ জৰিয়তে লেনদেন ৫০ গুণ বৃদ্ধি পাইছে। UPI ৰ জৰিয়তে লেনদেন বৃদ্ধি পোৱাৰ লগে লগে ব্যৱসায়ী হওক বা গ্ৰাহক হওক সকলোৰে জীৱন সহজ হৈ পৰিছে। দেশৰ গাড়ীৰ পৰা মললৈ প্ৰওজনতা অধিক আছে UPI। অসমৰ বহু সৰু বা ডাঙৰ লেনদেন হওক সকলো ধৰণৰ পেমেণ্টৰ বাবে UPI ব্যৱহাৰ কৰা হৈছে। একে সময়তে চাইবাৰ জালিয়াতিৰ ঘটনাও বৃদ্ধি পাইছে। প্ৰৱঞ্চনা ৰোধ কৰিবলৈ অনলাইন পেমেণ্ট এপ (Payment App ) কোম্পানীসমূহে বিভিন্ন কাৰিকৰী পৰিৱৰ্তন সাধন কৰি আছে। ইয়াৰ পিছতো UPI ৰ জৰিয়তে লেনদেন বৃদ্ধিৰ বাবে ব্যৱসায়ীজন সমস্যাৰ সন্মুখীন হৈছে।
UPI পেমেণ্টৰ প্ৰৱৰ্তনৰ লগে লগে ব্যৱসায়ী হওক বা গ্ৰাহক হওক সকলোৰে জীৱন বহুত সহজ হৈ পৰিছে। মাত্ৰ এটা ক্লিকতে ধনৰ লেনদেন হয়, যাৰ বাবে ঢিলা ধনৰ কোনো সমস্যা নহয়। UPI ৰ সৈতে যিমানেই লেনদেন সহজ হৈ পৰিছে সিমানেই এতিয়া প্ৰৱঞ্চনা বাঢ়িছে। প্ৰৱঞ্চনা বৃদ্ধিৰ বাবেই সৰ্বাধিক লোকচান হৈছে ব্যৱসায়ী শ্ৰেণীৰ, যিসকলে UPI ৰ জৰিয়তে লেনদেন কৰি আছে।
এইবোৰ কথা মনত ৰাখিব
বিষেশগ্য কয়, কেইবছৰমানৰ পৰা ইউ পি আইৰ জৰিয়তে লেনদেন বহু পৰিমাণে বৃদ্ধি পাইছে। ইউ পি আইৰ জৰিয়তে লেনদেন বৃদ্ধিৰ বাবে ব্যৱসায় অতি সহজ হৈ পৰিছে যদিও ইয়াৰ সৈতে লেনদেন কৰাৰ সময়ত বহু কামৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। যদি আপুনি UPI ৰ সৈতে লেনদেন কৰে, তেন্তে কাৰো অজ্ঞাত ৱাই-ফাই ( wifi ) ব্যৱহাৰ নকৰিব। আপুনি ব্যৱহাৰ কৰা পেমেণ্ট এপটো বিশ্বাসযোগ্য হ’ব লাগে। ডাঙৰ পেমেণ্ট লোৱাৰ সময়ত আপোনাৰ এপত পেমেণ্ট পোৱাৰ পিছতহে সামগ্ৰীখিনি দিয়ক আৰু ইয়াৰ পিছতো যদি কোনো ধৰণৰ জালিয়াতি হয় তেন্তে সংশ্লিষ্ট কোম্পানী আৰু চাইবাৰ অপৰাধক জনাওক, যাতে প্ৰৱঞ্চকজনক গ্ৰেপ্তাৰ কৰিব পৰা যায়।
সাৱধান হওক!
বিষেশগ্য কয় যে ইউ পি আই প্ৰৱৰ্তনৰ লগে লগে ব্যৱসায়টো বহু সহজ হৈ পৰিছে। আজি গ্ৰাহকে সকলো সৰু-বৰ পেমেণ্ট অনলাইনত কৰি আছে। তেওঁ কয় যে ইউ পি আইৰ জৰিয়তে লেনদেন কৰাৰ সময়ত বহু সময়ত পেমেণ্ট আবদ্ধ হৈ পৰে, যাৰ বাবে বহু সময়ত সমস্যাৰ সৃষ্টি হয়। এনে বহু এপ আহিছে, যাৰ জৰিয়তে প্ৰৱঞ্চনাও ঘটিছে। টকা ট্ৰেন্সফাৰৰ ভুৱা মেছেজ দেখুৱাই ঠগ খাইছে মানুহে।
প্ৰৱঞ্চনা ক্ষন্তেকতে হয়
মহিলা ব্যৱসায়ী জনাই যে কিছুদিন পূৰ্বে আমাৰ ওচৰলৈ এজন গ্ৰাহক আহিছিল, আমাৰ পৰা ১৭ হাজাৰ টকাৰ সামগ্ৰী ক্ৰয় কৰি অনলাইন পেমেণ্ট পঠিয়াইছিল, যিটো আমাক দেখুৱাইছিল যদিও কিছু সময়ৰ পিছত আমি গম পালোঁ যে Fraud হৈছে। তেওঁ ক’লে যে আমি অভিযোগ কৰিছিলো যদিও প্ৰৱঞ্চকজনৰ কোনো তথ্য পোৱা নগ’ল। ইয়াৰ পিছত এতিয়া তাই সাৱধানতা অৱলম্বন কৰিছে।
***যদি এই লিখনিটো ভাল লাগিল, তেন্তে ফেচবুকত শ্বেয়াৰ আৰু লাইক কৰক। এনেধৰণৰ আৰু অধিক লেখা পঢ়িবলৈ AXOMINFO সৈতে সংযুক্ত হৈ থাকক। আপোনাৰ মতামত আমালৈ কমেণ্ট বক্সত পঠাওক।***