কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডৰ নিৰ্দেশনা – পান কাৰ্ড আৰু আধাৰ কাৰ্ড চলিত বৰ্ষৰ ৩১ মাৰ্চৰ ভিতৰত লিংক কৰিব লাগিব। আৰু এই মুহূৰ্তত বহুতৰে মনত এটা প্ৰশ্ন ঘূৰি ফুৰিছে – পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাটো সকলোৰে বাবে বাধ্যতামূলক নেকি?
সাধাৰণতে স্বাভাৱিক যেন লাগে। কিয় নহয়, পান কাৰ্ড এজন ভাৰতীয় নাগৰিকৰ আৰ্থিক বিষয়ৰ প্ৰমাণ, আনহাতে আধাৰ কাৰ্ডে বাকী সকলো প্ৰমাণ কৰে। এই ক্ষেত্ৰত দুয়োৰে মাজত সংযোগ বাধ্যতামূলক যেন লাগিব পাৰে।
কিন্তু চেণ্ট্ৰেল ব’ৰ্ড অৱ ডাইৰেক্ট টেক্সৰ গাইডলাইনৰ ওপৰত বিতংভাৱে চকু ফুৰালে এই সন্দৰ্ভত সকলো বিভ্ৰান্তিৰ অন্ত পৰিব। তাত কোৱা হৈছে যে ভাৰতীয় নাগৰিকে চলিত বৰ্ষৰ ৩১ মাৰ্চৰ ভিতৰত পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰক।
কাৰ বাবে পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক ?
কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডৰ নিৰ্দেশনা অনুসৰি ২০১৭ চনৰ ১ জুলাই বা তাৰ আগতে পান কাৰ্ড প্ৰদান কৰা প্ৰতিজন ভাৰতীয় নাগৰিকে চলিত বৰ্ষৰ ৩১ মাৰ্চৰ ভিতৰত পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব লাগে।
যদি নকৰো তেন্তে কি হ’ব?
সহজ উত্তৰটো হ’ল – পেন কাৰ্ড নিষ্ক্ৰিয় হৈ যাব। ফলত পেন কাৰ্ডৰ জৰিয়তে কোনো ধৰণৰ বিত্তীয় লেনদেন সম্ভৱ নহ’ব।
কেনেকৈ লিং কৰিব ?
তলৰ Click Here ত ক্লিক কৰি, জানক কেনেকৈ লিং কৰিব..