দৈনিক ৬ ঘণ্টাতকৈ কম শুলে আপোনাৰো হ’ব পাৰে এই ৰোগ, নকৰিব এনে ভুল !

ৰাতিৰ টোপনিৰ কথাই বেলেগ। ভাল টোপনি অহাৰ পিছত আপুনি অতি সতেজ অনুভৱ কৰে, আনহাতে যদি আপোনাৰ এদিন ৰাতি ভালদৰে টোপনি নাহে, তেন্তে পিছদিনা গোটেই দিনটো নষ্ট হৈ যায়। এতিয়া কল্পনা কৰকচোন প্ৰতিদিনে ৬ ঘণ্টাৰো কম শুই থকাসকলৰ অৱস্থা কি হ’ব। বহুতে খুব কম সময় শুই লাহে লাহে অভ্যস্ত হৈ পৰে। কিন্তু ইয়াৰ ফলত ক্ৰমান্বয়ে আপোনাৰ শৰীৰটো দুৰ্বল হৈ পৰিব পাৰে আৰু আপুনি গুৰুতৰ ৰোগৰ সন্মুখীন হ’ব পাৰে। ৬ ঘন্টাতকৈ কম শুলে কোনবোৰ বেমাৰ হব পাৰে জানো আহক।

দৈনিক ৬ ঘণ্টাতকৈ কম টোপনি মাৰিলে এই ৰোগ হ’ব পাৰে

যদি আপুনি প্ৰতিদিনে ৬ ঘণ্টাতকৈ কম শুৱে তেন্তে আপুনি ডায়েবেটিছ ৰোগী হ’ব পাৰে। আচলতে টোপনিৰ অভাৱে ইনচুলিন, কৰ্টিছল আৰু অক্সিডেটিভ ষ্ট্ৰেছত প্ৰভাৱ পেলায় যিয়ে তেজৰ চেনিৰ মাত্ৰাত আৰু অধিক প্ৰভাৱ পেলাব পাৰে। ষ্ট্ৰেছ হৰম’ন ইনচুলিনৰ ক্ৰিয়াত ব্যাঘাত জন্মে। শৰীৰত ইনচুলিন কম নিৰ্গত হয়, যাৰ ফলত গ্লুক’জৰ মাত্ৰা বৃদ্ধি পায়।

কম টোপনিৰ বাবে আপোনাৰ মগজুৰ কলাবোৰ প্ৰভাৱিত হ’ব পাৰে। মনত ৰখা বা মনোনিৱেশ কৰাৰ ক্ষমতাতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে।

৬ ঘণ্টাতকৈ কম সময় শুলে আপোনাৰ মন, মগজু নষ্ট হ’ব পাৰে, আপুনি সকলো সময়তে খং বা খিংখিঙীয়া হৈ থাকিব পাৰে, ইয়াৰ বাবে আপুনিও উদ্বেগ আৰু হতাশাৰ বলি হ’ব পাৰে। ইয়াৰ বাবে আপোনাৰ শক্তিৰ মাত্ৰা কমি যাব পাৰে।

ৰাতি সাতৰ পৰা আঠ ঘণ্টা শুই থকা লোকতকৈ কম টোপনি অহা লোকৰ মেদবহুলতাৰ আশংকা বেছি। আচলতে গভীৰ নিশালৈকে সাৰ পাই থাকিলে ক্ষুধাৰ হৰম’ন সক্ৰিয় হৈ পৰে। ইয়াৰ বাবে আপুনি অতিৰিক্ত কেলৰি আৰু চৰ্বি খাবলৈ আৰম্ভ কৰে, যাৰ ফলত ওজন বৃদ্ধি পায়। ইয়াৰ বাবে ব্যক্তিজনো উচ্চ বি পিৰ বলি হয়।

ইয়াৰ উপৰিও কম সময় শুলে শৰীৰৰ ঘড়ীত ব্যাঘাত জন্মে যাৰ বাবে ক’ৰ’নাৰী হৃদৰোগৰ সম্ভাৱনাও বৃদ্ধি পায়।

এই লেখাটোৰ বিষয়ে আপোনাৰ মতামত কমেণ্ট কৰি জনাওক। লগতে, যদি আপুনি এই লেখাটো ভাল পাইছে তেন্তে ইয়াক শ্বেয়াৰ কৰক আৰু আন অনুৰূপ লেখা পঢ়িবলৈ AxomInfo ফেচবুক পেজটো LIke আৰু Follow কৰি আমাৰ সৈতে সংযুক্ত হৈ থাকক।

Leave a comment