আপোনাৰো যদি কন্যা সন্তান আছে লাভ কৰিব ৭৪ লাখ টকা, আজিয়েই এনেদৰে আবেদন কৰক

ভাৰত চৰকাৰে কন্যা শিশুৰ বাবে সুকন্যা সমৃদ্ধি যোজনা আঁচনিৰ শুভাৰম্ভ কৰে। পিতৃ-মাতৃয়ে জীয়েকৰ পঢ়া-শুনা বা বিয়াৰ বাবে ধন সঞ্চয় কৰিব পাৰে। কন্যাৰ নামত একাউণ্ট খোলা হয়। এই আঁচনিৰ লক্ষ্য হৈছে পৰিয়ালত জন্ম হোৱা কন্যা সন্তানক আৰ্থিক সাহায্য প্ৰদান কৰা।

আৰ্থিকভাৱে দুৰ্বল পৰিয়ালত জন্মগ্ৰহণ কৰা ছোৱালীক ভৱিষ্যতে আৰ্থিক সংকটৰ সন্মুখীন হ’ব নোৱাৰাৰ লক্ষ্যৰে এই আঁচনি আৰম্ভ কৰা হৈছিল। সুকন্যা সমৃদ্ধি যোজনা আঁচনিত নূন্যতম ২৫০ টকা বিনিয়োগ কৰিব লাগিব।

সুতৰ হাৰ ৮.২ শতাংশ। যোৱা বছৰ এই আঁচনিৰ সুতৰ হাৰ ৭.৬ শতাংশ আছিল যদিও পিছত চৰকাৰে ৮.২ শতাংশলৈ বৃদ্ধি কৰে। এই একাউণ্ট ভাৰতৰ যিকোনো ঠাইৰ যিকোনো বেংক শাখালৈ ট্ৰেন্সফাৰ কৰিব পাৰিব। ছোৱালীজনীৰ বয়স ১৮ বছৰ হ’লে জমা কৰা প্ৰিমিয়ামৰ ৫০ শতাংশ উলিয়াব পাৰিব।

সুকন্যা সমৃদ্ধি যোজনা আঁচনিত কোনে বিনিয়োগ কৰিব পাৰেঃ সুকন্যা সমৃদ্ধি যোজনাৰ অধীনত পৰিয়ালৰ কন্যাৰ নামত একাউণ্ট খুলিব লাগে। কন্যাৰ ১০ বছৰ বয়সৰ ভিতৰত একাউণ্ট খুলিব লাগে।

এটা পৰিয়ালত সৰ্বাধিক দুগৰাকী ছোৱালীৰ নামত সুকন্যা সমৃদ্ধি যোজনা আঁচনিৰ অধীনত একাউণ্ট খুলিব পাৰিব। যদি যমজ ছোৱালী জন্ম হয়, তেন্তে তেওঁলোকৰ বাহিৰে আৰু এগৰাকী ছোৱালীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰে।

প্ৰয়োজনীয় নথি-পত্ৰ: পিতৃ-মাতৃৰ আধাৰ কাৰ্ড, কন্যাৰ জন্মৰ প্ৰমাণ পত্ৰ, পিতৃ-মাতৃৰ পেন কাৰ্ড, আয়ৰ প্ৰমাণ পত্ৰ আৰু বাসস্থানৰ প্ৰমাণ পত্ৰ, মোবাইল নম্বৰ আৰু ইমেইল আইডি, পাছপৰ্টৰ আকাৰৰ ফটোগ্ৰাফ আৰু বেংক একাউণ্ট নম্বৰ।

কেনেকৈ আবেদন কৰিব: প্ৰথমে ছোৱালীজনীৰ নামত বেংক একাউণ্ট খুলিব। সুকন্যা সমৃদ্ধি যোজনাৰ আবেদন পত্ৰ বেংকতেই উপলব্ধ। ভালদৰে পূৰণ কৰি প্ৰয়োজনীয় নথি-পত্ৰৰ সৈতে জমা দিব। আৱেদন প্ৰ-পত্ৰৰ সৈতে নূন্যতম ২৫০ টকা আৰু সৰ্বাধিক ১ লাখ টকাৰ প্ৰিমিয়াম জমা কৰিব লাগিব। বেংকৰ চৰকাৰী আবেদন পত্ৰ পৰীক্ষা কৰক। সকলো ঠিকে থাকিলে তেওঁ আবেদন পত্ৰখন জমা দি ৰচিদখন দিব। সেই ৰচিদখন সাৱধানে ৰাখক।

এই লেখাটোৰ বিষয়ে আপোনাৰ মতামত কমেণ্ট কৰি জনাওক। লগতে, যদি আপুনি এই লেখাটো ভাল পাইছে তেন্তে ইয়াক শ্বেয়াৰ কৰক আৰু আন অনুৰূপ লেখা পঢ়িবলৈ AxomInfo ফেচবুক পেজটো LIke আৰু Follow কৰি আমাৰ সৈতে সংযুক্ত হৈ থাকক।

Leave a comment