কেনেকৈ ধনী হ’বঃ জীৱনত ধন উপাৰ্জন কৰিবলৈ ধনী মানুহৰ পৰা শিকিব লাগে। কাৰণ সেইসকল মানুহেহে জীৱনত সফল হোৱাৰ পাঠ দিব পাৰে, যিসকলে নিজেই সফলতা লাভ কৰিছে। মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছ বিশ্বৰ সেইসকল লোকৰ ভিতৰত এজন, যিয়ে নিজৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ দ্বাৰা বহু ধন-সম্পত্তি আৰু খ্যাতি অৰ্জন কৰিছে। তেওঁৰ বহু উক্তিত প্ৰগতিৰ লুকাই থকা মৌলিক কথা আছে, যিবোৰ অনুসৰণ কৰিলে জীৱনত মহান সফলতা লাভ কৰিব পৰা যায়।
মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছৰ মতে যদি আপুনি জন্মতে দুখীয়া হয় তেন্তে ইয়াত আপোনাৰ দোষ নহয় কিন্তু যদি আপুনি দৰিদ্ৰতাত মৃত্যুবৰণ কৰে তেন্তে সেয়া আপোনাৰ দোষ।
বিল গেটছে কৈছিল যে আপোনাৰ ভয়ৰ সন্মুখীন হওক আৰু সদায় ইতিবাচক চিন্তাধাৰাৰ মানুহৰ কাষত থাকক। সদায় ইতিবাচক চিন্তা কৰি ৰাখক আৰু নেতিবাচক কথা নকব।
বিল গেটছৰ মতে কেতিয়াবা জীৱনত ডাঙৰ কিবা এটা লাভ কৰিবলৈ ৰিস্ক ল’বলগীয়া হয়। কাইলৈৰ বাবে কেতিয়াও কোনো কাম এৰি নাযাব।
মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপকজনে কয় যে তেওঁ এলেহুৱা এজনক কঠিন কামৰ বাবে বাছি লয়, কাৰণ এজন এলেহুৱা ব্যক্তিয়ে কঠিন কাম এটা কৰিবলৈ আটাইতকৈ সহজ উপায় বিচাৰি পাব।
বিল গেটছে সফলতাক অসাৰ শিক্ষক বুলি গণ্য কৰে, কাৰণ ই মানুহক শিক্ষণ বন্ধ কৰি দিয়ে। গেটছৰ মতে সফলতাৰ উদযাপন কৰাটো সঠিক যদিও বিফলতাৰ পৰা শিকিব পৰাটো অধিক গুৰুত্বপূৰ্ণ।
***যদি এই লিখনিটো ভাল লাগিল, তেন্তে ফেচবুকত শ্বেয়াৰ আৰু লাইক কৰক। এনেধৰণৰ আৰু অধিক লেখা পঢ়িবলৈ AXOMINFO সৈতে সংযুক্ত হৈ থাকক। আপোনাৰ মতামত আমালৈ কমেণ্ট বক্সত পঠাওক।***