হাইস্কুল শিক্ষান্ত পৰীক্ষাক লৈ নিতৌ নতুন নতুন তথ্য পোহৰলৈ আহিছে। পৰীক্ষা সমুহ সুচাৰূপে অনুষ্ঠিত কৰিব নোৱাৰাত ছেবা কৰ্তৃপক্ষৰ বিৰুদ্ধে সমগ্ৰ অসম ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী ক্ষোভিত হৈ পৰিছে। লগতে এইবাৰ পৰিক্ষা সুচাৰূপে পাতিব নোৱাৰাত শিক্ষা ব্যৱস্থাৰ ওপৰত আস্থা হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছে।
এই বিষয়ক লৈ চই আই দি্যে উচ্চ পৰ্যায়ত তদন্ত অব্যাহত ৰাখিছে। ইয়াৰ মাজতে প্ৰশ্ন কাকত ফাদিলকলৈ সমগ্ৰ ৰাজ্যজুৰি তিব্ৰ প্ৰতিবাদ হৈছে। ডিব্ৰুগড়ৰৰ ছল্ট্ব্ৰুক একাডেমীৰ ৭ জন কৈ ছাত্ৰক আটক কৰিছে আৰক্ষীয়ে। লগতে একাডেমীখনৰ অধ্যক্ষকো সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
এই তদন্তৰ পিছতেই ডিব্ৰুগড় আৰক্ষী অধীক্ষকে এখনি সংবাদমেল সম্বোধন কৰে। সংবাদমেলত অধ্যক্ষক গৰাকীয়ে উল্লেখ কৰে যে ডিজিটেল ধনৰ লেনদেনৰ তথ্য লাভ কৰিছে। আটকাধীন ছাত্ৰ কেইজনৰ পৰা ৫০০ৰ পৰা ২০০০ টকা পৰ্যন্ত লেনদেন হোৱাৰ কথা সদৰি কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে।