Advertisement
Games

বিশ্বকাপত ভাৰত বিজয় হ’ব নোৱাৰাৰ বাবে হাৰ্ট এটেকত মৃত্যু তিৰুপতিৰ

দেওবাৰে বিশ্বকাপ ২০২৩ৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ হৃদয় বিদাৰক পৰাজয়ৰ পিছত তিৰুপতিৰ পৰা অহা ৩৫ বছৰীয়া এজন যুৱকে হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। জ্যোতিষ কুমাৰ যাদৱ নামৰ মৃত যুৱকজন বেংগালুৰুত চফটৱেৰ ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত আছিল আৰু দীপাৱলীৰ বন্ধৰ বাবে ঘৰলৈ উভতি আহিছিল।

টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত বাতৰি অনুসৰি জ্যোতিষে বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে টিভিত চাই আছিল IND vs AUS খেলখন। পৰৱৰ্তী সময়ত তেওঁ বুকুৰ বিষৰ অভিযোগ কৰি হঠাতে ঢলি পৰে। ক্ষীপ্ৰতাৰে তিৰুপতিৰ ভেংকটেশ্বৰ ৰামনাৰায়ণ ৰুইয়া চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱাৰ পিছতো চিকিৎসকে তেওঁক মৃত বুলি অনা বুলি ঘোষণা কৰে।

জ্যোতিষৰ বন্ধুসকলৰ মতে, ভাৰতে প্ৰথমে বেটিং কৰাৰ পিছত ২৪০ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ লগে লগে তেওঁ উত্তেজনা আৰু উদ্বেগৰ লক্ষণ প্ৰদৰ্শন কৰে। যদিও ভাৰতীয় বলাৰসকলে আগতীয়াকৈ তিনিটা উইকেট দখল কৰাৰ সময়ত কিছু সকাহ পাইছিল, তথাপিও অষ্ট্ৰেলিয়াই সামান্য লক্ষ্যৰ কাষ চাপি অহাৰ লগে লগে তেওঁৰ আনন্দ আশংকাত পৰিণত হৈছিল। নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অষ্ট্ৰেলিয়াই ষষ্ঠবাৰৰ বাবে ডব্লিউ চি খিতাপ দখল কৰা মুহূৰ্ততে জ্যোতিষে বুকুৰ বিষৰ অভিযোগ কৰি ঢলি পৰে। খবৰ অনুসৰি অতি সোনকালে তেওঁৰ বিয়া হোৱাৰ কথা আছিল।

সোমবাৰে তিৰুপতি নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ মোহিত ৰেড্ডীয়ে দুৰ্গাসুদ্ৰম গাঁৱত জ্যোতিষৰ বাসগৃহত উপস্থিত হৈ শোক প্ৰকাশ কৰে। লগতে ৰাজ্য চৰকাৰৰ হৈ পৰিয়ালটোক ব্যাপক সহায় আগবঢ়ায়।

পৃথক পৃথক কাণ্ডত পশ্চিম বংগৰ বাংকুৰা আৰু ওড়িশাৰ জাজপুৰত WC ২০২৩ৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত ভাৰতৰ পৰাজয়ৰ পিছত দুজন ব্যক্তিৰ আত্মহত্যাৰ ফলত মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে বুলি পিটিআইৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। ২৩ বছৰীয়া ৰাহুল লোহাৰে ১৯ নৱেম্বৰৰ নিশা প্ৰায় ১১ বজাত বাংকুৰাৰ বেলিয়াট’ৰে থানা এলেকাৰ এটা চিনেমা হলৰ সমীপত এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰে। ওড়িশাৰ জাজপুৰত একে নিশাই মেচখনৰ কিছু সময়ৰ পাছতে বিনঝাৰপুৰ অঞ্চলৰ নিজৰ ঘৰৰ টেৰেচত ওলমি থকা আন এজন ২৩ বছৰীয়া যুৱকক উদ্ধাৰ কৰা হয় বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button