চাৰ্জত লগাই থোৱা মোবাইল ব্লাষ্ট হৈ ৪ সন্তান নিহত, পিতৃ-মাতৃ সংকটজনক

অতিকে শোকাৱহ, চাৰ্জত লগাই থোৱা মোবাইল ব্লাষ্ট হৈ ৪ সন্তান নিহত, পিতৃ-মাতৃ সংকটজনক… মোবাইল ব্লাষ্ট হোৱা খবৰ আজিকালি প্ৰায়ে পোৱা যায়। কাৰোবাৰ যদি হাত জখম হয় কাৰোবাৰ কাণ, পাছে এইবাৰ মোবাইল ব্লাষ্ট হৈ ইমানেই ভয়ংকৰ পৰিস্থিতি হয় যে, এটা পৰিয়ালৰে ৪ সন্তানৰ মৃত্য হয়।

তাকো কেৱল ৪ সন্তানৰ মৃত্যু হোৱাই নহয়, পিতৃ-মাতৃয়ো বেয়াকৈ আঘাতপ্ৰাপ্ত হয় সেই দুৰ্ঘটনাটোত, বৰ্তমানে সংকটজনক অৱস্থাত দুয়ো হাস্পতালত ভৰ্তি। উত্তৰ প্ৰদেশৰ মেৰথত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো। জনতা কলনি নামৰ ঠাইত ভাড়াতীয়া হিচাপে বাস কৰিছিল পৰিয়ালটো। শ্ৰমিক হিচাপে কাম কৰা লোকগৰাকীৰ ঘৰত কালি সন্ধিয়া মোবাইল চাৰ্জত দিয়া আছিল। পাছে সেই সময়তে শ্বৰ্ট-চাৰ্কিট হৈ মোবাইল ব্লাষ্ট হৈ ঘৰটোত জুই লাগি যায়।

লগে লগে পিতৃ-মাতৃ হালে চাৰিওটা সন্তানক উদ্ধাৰৰ বাবে চেষ্টা চলায় যদিও জুইৰ কবলত পৰি কেউজন বেয়াকৈ অগ্নিদ্বগ্ধ হয়। ঘটনাৰ খবৰ লাভৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পিতৃ-মাতৃসহ সন্তান কেইটিক উদ্ধাৰ কৰি নিকট হাস্পতালত ভৰ্তি কৰায় । পাছে চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ১০, ৮, ৬ আৰু ৫ বছৰীয়া চাৰিওটি সন্তানৰ। আনহাতে সংকটজনক অৱস্থাত দিল্লীৰ এইমছ হাস্পতালৰ আই চি ইউত ভৰ্তি মাতৃ। পিতৃৰ অৱস্থা বৰ্তমানে সুস্থিৰ বুলি চিকিৎসকৰ সদৰি।

এই লেখাটোৰ বিষয়ে আপোনাৰ মতামত কমেণ্ট কৰি জনাওক। লগতে, যদি আপুনি এই লেখাটো ভাল পাইছে তেন্তে ইয়াক শ্বেয়াৰ কৰক আৰু আন অনুৰূপ লেখা পঢ়িবলৈ AxomInfo ফেচবুক পেজটো LIke আৰু Follow কৰি আমাৰ সৈতে সংযুক্ত হৈ থাকক।

Leave a comment