ব’হাগৰ সাত বিহুৰ নাম কি কি জানেনে?

ব’হাগ বিহু সাধাৰণতে চ’তৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ ব’হাগৰ ছয় দিনলৈ মুঠ সাতদিন পালন কৰা হয়। প্ৰত্যেক দিনৰে একোটাকৈ সুকীয়া সুকীয়া নাম আছে। সেয়া হ’ল-

  1. গৰু বিহু,
  2. মানুহ বিহু,
  3. গোসাঁই বিহু,
  4. তাঁতৰ বিহু,
  5. নাঙলৰ বিহু,
  6. জীয়ৰী বা চেনেহী বিহু আৰু
  7. চেৰা বিহু।

গৰু বিহু

“ লাউ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা।
মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু। ”

এনে কৰিলে গৰুৰ শ্ৰীবৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়। গা ধুওৱাৰ পাছত গৰুবোৰক মুকলিকৈ পথাৰত চৰিবলৈ এৰি দিয়া হয় আৰু চাটত থকা অৱশিষ্ট লাউ-বেঙেনাৰে চাটবিলাক আনৰ লগত সলনাসলনি কৰি ঘৰলৈ আনি ঘৰ বা গোহালিৰ চালত গুজি থোৱা হয়। চাটত ৰৈ যোৱা বস্তু দুই-এটুকুৰা চোবাই খোৱা হয়। চাটবিলাক আনৰ লগত সলনি কৰিলে অপায়-অমঙ্গল দূৰ হয় আৰু চাটৰ বস্তু খালে বেমাৰ আজাৰ নহয় বুলি বিশ্বাস কৰা হয়। গধূলি গৰু ঘৰলৈ ঘূৰি অহাৰ সময়ত পদূলিৰ পৰা গোহালিলৈকে খেৰ, তুঁহ, দীঘলতি, মাখিয়তী, বিহলঙনী আৰু অন্যান্য বন-পাত জ্বলাই ‘যাগ’ দিয়া হয়।

মানুহ বিহু

গৰু বিহুৰ পাছদিনা মানুহ বিহু। নামনি অসমত সেইদিনাৰ বিহুক ‘বৰ দোমাহী’ বোলা হয়। পহিলা ব’হাগ বা মানুহ বিহুৰ দিনা পুৱা মাহ-হালধিৰে গা-পা ধুই সৰুৱে ডাঙৰক সেৱা কৰে। ডাঙৰে সৰুক আশীৰ্বাদ দিয়াৰ উপৰিও বিহুৰ উপহাৰ দিয়ে। নতুন বছৰ উপলক্ষে অসমীয়া সমাজত আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ মাজত গামোচা, নতুন কাপোৰ বা আন উপহাৰৰ আদান-প্ৰদান হয়। এনে উপহাৰকে ‘বিহুৱান’ বোলে।

গোসাঁই বিহু

ৰঙালী বিহু বা ব’হাগ বিহুৰ তৃতীয় দিনা গোসাঁই বিহু। সেইদিনা গাঁৱৰ ৰাজহুৱা নামঘৰত নাম-প্ৰসঙ্গ হয়।

তাঁতৰ বিহু

অসমীয়া জনজীৱনৰ আদৰৰ সম্পদ ‘তাঁতশাল’। সেয়ে বিহুৰ চতুৰ্থ দিনা ‘তাঁতৰ বিহু’। সেইদিনা বোৱনীসকলে তাঁতশালৰ সজুঁলি সমূহ ভালকৈ মছি-কাছি বান্ধি ওপৰত উঠাই লয় আৰু খেতি কৰিবলৈ সাজু হয়।

নাঙলৰ বিহু

ষষ্ঠ দিনা বিয়া দিয়া জীয়ৰী পিতৃগৃহলৈ আহে; সেয়ে সেইদিনা ‘জীয়ৰী বা চেনেহী বিহু’।

চেৰা বিহু

শেষৰ দিনা ‘চেৰা বিহু’। কিছুমানে ইয়াক “এৰা” বিহু বুলিও কয়। এয়ে ব’হাগৰ “সাতবিহু”। চেৰা বিহুৰ দিনা দৈ আৰু পঁইতা ভাত খোৱা হয় আৰু বিচনীৰে জুৰ লৈ এইদৰে গোৱা হয়- “ নতুন কাপোৰ পুৰণা কাপোৰে দিন যাওক; ন-ভাতে পুৰণি ভাতে জীণ যাওক। ” এনেদৰে বিচনীৰে জুৰ ল’লে বছৰটোলৈ দেহা শাঁত পৰি থাকে বুলি বিশ্বাস কৰা হয়।

আমাৰ লিখনিৰ লগত জড়িত কিবা প্ৰশ্ন থাকিলে লেখাটোৰ তলত দিয়া কমেন্ট বক্সত জনাওক। আমি আপোনাক শুদ্ধ তথ্য দিবলৈ চেষ্টা কৰি যাম। যদি এই লিখনিটো ভাল লাগিল, তেন্তে শ্বেয়াৰ কৰিব। অনুৰূপ লিখনি পঢ়িবলৈ Axominfoৰ সৈতে সংযুক্ত হৈ থাকক।

এই লেখাটোৰ বিষয়ে আপোনাৰ মতামত কমেণ্ট কৰি জনাওক। লগতে, যদি আপুনি এই লেখাটো ভাল পাইছে তেন্তে ইয়াক শ্বেয়াৰ কৰক আৰু আন অনুৰূপ লেখা পঢ়িবলৈ AxomInfo ফেচবুক পেজটো LIke আৰু Follow কৰি আমাৰ সৈতে সংযুক্ত হৈ থাকক।

Leave a comment