দীপলীনা ডেকাৰ মহানুভৱতা ! পথৰ কাষৰ অসহায় যুৱক-যুৱতীক অনুষ্ঠান এৰি সহায় হাত….

যোৱা ২২ এপ্ৰিলৰ ৰাতিৰ এটা ঘটনা। সকলোৰে মৰমৰ দীপলীনা ডেকাই গুৱাহাটীত ‘ৰঙালী’ত অনুষ্ঠান পৰিবেশন কৰি দ্বিতীয়টো অনুষ্ঠানৰ বাবে মৰিগাওঁ জিলালৈ নিজৰ সংগীবৃন্দৰ সৈতে গৈ আছিল। থিক গুৱাহাটী পাৰ হৈ যোৰাবাট নাপাওঁতে বাটৰ কাষত এহাল যুৱক যুৱতী বাইকসহ দুৰ্ঘটনাগ্ৰস্থ হৈ পৰি থকা তেওঁ দেখা পালে। লগে লগে সংগীসকলক গাড়ী ৰখাবলৈ দি একো বিশেষ নাভাবি দুৰ্ঘটনাত আহত হৈ পৰি থকা যুৱক যুৱতীহালৰ কাষলৈ নামি গ’ল।

বহু গাড়ী ব্যস্ত ৰাষ্টাটোৰে গৈ আছিল যদিও কাৰো সেই আহত যুৱক যুৱতীহাললৈ ভ্ৰুক্ষেপ নাছিল। দীপলীনা ডেকাই কিন্তু ততাতৈয়াকৈ তেওঁৰ লগত থকা ব্যৱস্থাপক সংগীসকলৰ সৈতে তেওঁলোকৰ কাষলৈ গৈ ঘটনাটোনো কি জানিবলৈ বিচাৰোঁতে তেওঁলোকে কিছুসময় পূৰ্বে দুৰ্ঘটনাগ্ৰস্থ হোৱাৰ কথা জানিব পৰিলে আৰু মৰিগাওঁ জিলাৰ অনুষ্ঠানলৈ কিছু পলম হোৱা স্বত্বেও নিজৰ গাড়ীখনতে তেওঁলোকক তুলি লৈ সেই স্থানৰ পৰা সোনাপুৰলৈ লৈ গ’ল। নিশা কিছু পলম হ’বলৈ ধৰিছিল যদিও সোনাপুৰত থকা হাস্পতালখনত দুয়োকে ভৰ্তি কৰাবলৈ সক্ষম হ’ল দীপলীনা ডেকা আৰু তেওঁৰ সংগীসকলে।

Leave a Comment