জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত ভাৰতীয় সেনাৰ ট্ৰাকত অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত কমেও ৫ জন জোৱানৰ মৃত্যু হয়।সূত্ৰ অনুসৰি বৃহস্পতিবাৰে বিয়লি পুঞ্চৰ মেন্দ্ৰ মহকুমাৰ ভাটা ধুৰিয়ান অঞ্চলৰ ঘাইপথত এক অগ্নিকাণ্ড সংঘটিত হয়। ঠিক কেনেদৰে জুই আৰম্ভ হৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে সূত্ৰ অনুসৰি এই ঘটনাৰ লগত উগ্ৰপন্থী সম্পৰ্ক থাকিব পাৰে। গ্ৰেনেড বিস্ফোৰণ নে বিজুলীৰ পৰা জুই? সেনা আৰু স্থানীয় আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি ঘটনাস্থলীত উদ্ধাৰ হৈছে এটা গুলীৰ কেচ। আনুষ্ঠানিক বিবৃতিটোত কোৱা হৈছে যে, বৃহস্পতিবাৰে পুঞ্চৰ ভিম্বৰ গালিৰ পৰা সঞ্জীওত অভিমুখে গৈ আছিল এখন সেনাৰ ট্ৰাক। বিয়লি প্ৰায় ৩ বজাত ট্ৰাকখনত অগ্নিকাণ্ড সংঘটিত হয়। এই ঘটনাত ৫ জন সেনা জোৱানৰ মৃত্যু হয়।
অগ্নিকাণ্ডৰ তথ্য লাভ কৰাৰ পিছতে আৰক্ষী আৰু সেনাৰ বিষয়াই সেই স্থানত উপস্থিত হয়। ঘটনাস্থলীত কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীও আছে। জানিব পৰা মতে, কাশ্মীৰৰ সেই অঞ্চলত যোৱা কেইদিনমানৰ পৰা বৰষুণ দি আহিছে। ধাৰাসাৰ বৰষুণৰ বাবে পথসমূহ তিতি থকাৰ বাবে উদ্ধাৰ অভিযানত অসুবিধাৰ সন্মুখীন হৈছে অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষী। বজ্ৰপাতৰ পৰা জুইৰ ওপৰত জোৱান? নে ঘটনাৰ আঁৰত আছে সন্ত্ৰাসবাদী আক্ৰমণ? তদন্ত আৰম্ভ কৰিছে।