১৫ আগষ্টৰ দিনটোত ভাৰতৰ লগতে এই ৫খন দেশেও লাভ কৰিছিল স্বাধীনতা, চাওঁক এই দেশসমূহৰ নাম

ভাৰতবৰ্ষত প্ৰতি বছৰে ১৫ আগষ্টত স্বাধীনতা দিৱস অতি উৎসাহ আৰু উল্লাসেৰে পালন কৰা হয়। আমাৰ দেশখনে ১৯৪৭ চনৰ ১৫ আগষ্টত ব্ৰিটিছ ৰাজৰ পৰা স্বাধীনতা লাভ কৰিছিল, কিন্তু অতি কম সংখ্যক লোকেহে জানে যে ১৫ আগষ্ট তাৰিখে কেৱল ভাৰতেই নহয় আন দেশসমূহেও স্বাধীনতা উদযাপন কৰে। এই দেশসমূহৰ বিষয়ে কওঁ।

বাহৰেইন (Bahrain)

বাহৰেইন মধ্যপ্ৰাচ্যত, চৌদি আৰৱৰ পূব দিশত পাৰ্চী উপসাগৰত অৱস্থিত। এই দেশৰ ৰাজধানী আৰু সৰ্ববৃহৎ চহৰ মানমা। ভাৰতে ১৯৪৭ চনত ব্ৰিটিছ ৰাজৰ পৰা স্বাধীনতা লাভ কৰাৰ বিপৰীতে বাহৰেইনে ১৯৭১ চনত ১৫ আগষ্টত ব্ৰিটিছ ৰাজৰ পৰা স্বাধীনতা লাভ কৰে। ১৯ শতিকাত ব্ৰিটিছ ৰক্ষিত ৰাজ্য হোৱাৰ আগতে বাহৰেইন দ্বীপপুঞ্জত আৰব আৰু পৰ্তুগালকে ধৰি বিভিন্ন সত্তাৰ শাসন আছিল। বাহৰেইনত ১৬ ডিচেম্বৰত ৰাষ্ট্ৰীয় দিৱস হিচাপে স্বাধীনতা পালন কৰা হয়।

লিচেনষ্টাইন (Liechtenstein)

আনুষ্ঠানিকভাৱে লিচেনষ্টাইন ৰাজ্য বুলি কোৱা লিচেনষ্টাইন হৈছে পশ্চিম ইউৰোপত অৱস্থিত এখন সৰু ভূমি আৱদ্ধ দেশ। ইয়াত চৰকাৰী ভাষা জাৰ্মান। লিচেনষ্টাইন হৈছে বিশ্বৰ ষষ্ঠ ক্ষুদ্ৰ ৰাষ্ট্ৰ। দেশখনে ১৫ আগষ্টত জাৰ্মান নিয়ন্ত্ৰণৰ পৰা স্বাধীনতা উদযাপন কৰে। ১৯৪০ চনৰ পৰা ইয়াত ১৫ আগষ্ট ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়।

কংগো গণতান্ত্ৰিক ৰিপাব্লিক (Democratic Republic of the Congo)

মধ্য আফ্ৰিকাত অৱস্থিত কংগো গণতান্ত্ৰিক গণৰাজ্য। এই দেশখনে ১৫ আগষ্টত স্বাধীনতা উদযাপন কৰে। ১৯৬০ চনত এই দেশখনে ৮০ বছৰ ধৰি বশ হৈ থকাৰ পিছত ফ্ৰান্সৰ পৰা সম্পূৰ্ণ স্বাধীন হয়। এই দেশত এই দিনটোক ‘কংগো জাতীয় দিৱস’ বুলিও কোৱা হয়।

উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া (North Korea and South Korea)

উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ মাজত সদায় উত্তেজনা চলি থাকে যদিও দুয়োখন দেশে ১৫ আগষ্টতহে স্বাধীনতা দিৱস পালন কৰে। ১৯৪৫ চনত কোৰিয়াই জাপানী দাসত্বৰ পৰা স্বাধীনতা লাভ কৰিছিল যদিও স্বাধীনতাৰ তিনি বছৰৰ পাছত ১৯৪৮ চনত কোৰিয়া উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া নামৰ দুখন দেশত বিভক্ত হৈছিল।

Leave a Comment