অসম আৰক্ষীঃ অসম আৰক্ষীয়ে মঙলবাৰে কয় যে যদি তেওঁলোকৰ কৰ্মীসকলে চলিত বৰ্ষৰ নৱেম্বৰৰ ভিতৰত ওজন কমাব নোৱাৰে তেন্তে তেনে সকলো কৰ্মীৰ বাবে স্বেচ্ছামূলক অৱসৰ আঁচনি আগবঢ়াব। আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে ( GP Shingh) কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি এই সিদ্ধান্ত লোৱা হৈছে।
আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে টুইট কৰি কয় যে, “অসম আৰক্ষী মুখ্য কাৰ্যালয়ে আই পি এছ/এ পি এছ বিষয়াকে ধৰি সকলো অসম আৰক্ষীৰ বডি মাছ ইনডেক্স (বি এম আই) পেছাদাৰীভাৱে ৰেকৰ্ড কৰাৰ সিদ্ধান্ত লৈছে…” সিঙে কয় ১৫ আগষ্টত আই পি এছ (ভাৰতীয় আৰক্ষী সেৱা) আৰু অসম আৰক্ষী সেৱা (এ পি এছ) বিষয়াকে ধৰি সকলো কৰ্মীক তাৰ পিছত বি এম আই পঞ্জীয়ন কৰিবলৈ।

BMI পঞ্জীয়ন কৰা বাহিনীত প্ৰথম ব্যক্তি…
জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে কয় যে তেওঁ বাহিনীটোৰ প্ৰথমজন ব্যক্তি হ’ব যিয়ে ১৬ আগষ্টত বিএমআই পঞ্জীয়ন কৰিব। যোৱা ৮ মে’ত সিঙে কৈছিল যে অসম আৰক্ষীয়ে অভ্যাসত মদ্যপান কৰা বা মেদবহুল প্ৰায় ৬৮০ জন জোৱানৰ তালিকা প্ৰস্তুত কৰিছে। তেওঁ কয় যে বহুস্তৰীয় পৰ্যালোচনাৰ পিছত কৰ্তব্যৰ বাবে অযোগ্যসকলক স্বেচ্ছামূলক অৱসৰৰ প্ৰস্তাৱ দিয়া হ’ব। মদৰ সমস্যাৰ বাবে প্ৰায় ৩০০ অসম আৰক্ষী জোৱানক অৱসৰ দিয়া হ’ব বুলি এপ্ৰিল মাহত মুখ্যমন্ত্ৰী শৰ্মাই কৈছিল।