অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে কয় যে অহা ১৪ এপ্ৰিলত ৰাজ্য চৰকাৰে আয়োজন কৰা অনুষ্ঠানত প্রধানমন্ত্রী মোডী উপস্থিত থাকিব। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিহুক জনপ্ৰিয় কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী আয়োজন কৰা হৈছে। তেওঁ কয়, ভাৰতৰ সকলো ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীকো আমি আমন্ত্রণ জনাম।
অহা ১৪ এপ্ৰিলত গুৱাহাটীত বিহু নৃত্যক ‘গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ’ত পঞ্জীয়ন কৰিবলৈ অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচীত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ১১, ১৪০ গৰাকী নৃত্যশিল্পী আৰু ঢোলবাদকে অংশগ্ৰহণ কৰিব বিহু নৃত্য কাৰ্যসূচীত। প্ৰথমবাৰৰ বাবে ইমান বৃহৎ সংখ্যক লোকে এই লোকনৃত্যত অংশগ্ৰহণ কৰিব।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে কয় যে অহা ১৪ এপ্ৰিলত ৰাজ্য চৰকাৰে আয়োজন কৰা অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডী উপস্থিত থাকিব। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিহুক জনপ্ৰিয় কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী আয়োজন কৰা হৈছে। তেওঁ কয়, ভাৰতৰ সকলো ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীকো আমি আমন্ত্ৰণ জনাইম। আমাৰ মন্ত্ৰীসকলে ২০ মাৰ্চৰ পৰা ৩০ মাৰ্চলৈ ৰাজ্যসমূহ ভ্ৰমণ কৰি তেওঁলোকক নিমন্ত্ৰণ কৰিব।
শৰ্মাই কয় যে ইয়াৰ উপৰিও ভাৰতৰ জি-২০ দেশ আৰু দক্ষিণ-পূব এছিয়াৰ দেশৰ সকলো ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তকো এই অনুষ্ঠান চাবলৈ আমন্ত্ৰণ জনোৱা হ’ব। তেওঁ কয়, ইয়াত মুঠ ১১, ১৪০ জন নৃত্যশিল্পী আৰু ঢোলবাদকে অংশগ্ৰহণ কৰিব। ল’ৰা আৰু ছোৱালীৰ অনুপাত হ’ব ৩০:৭০। ইয়াত অসমৰ প্ৰতিখন জিলাৰ লোকে অংশগ্ৰহণ কৰিব।
মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে বিহু নৃত্যৰ ভিডিঅ’ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছলৈ প্ৰেৰণ কৰিছে, যিয়ে প্রাথমিক অনুমোদন দিছে। যদি আমি পৰিকল্পনা অনুসৰি এই কাম কৰিবলৈ সক্ষম হওঁ, তেন্তে এয়া হ’ব এটা ঠাইত বিহু নৃত্যৰ আটাইতকৈ ডাঙৰ প্ৰদৰ্শন বুলিও তেওঁ কয়। নৃত্যৰ সময়সীমা হ’ব ১৫ মিনিট। তেওঁ কয় যে অহা বছৰৰ পৰা ৰাজ্য চৰকাৰে শিৱসাগৰ আৰু গুৱাহাটীত সাতদিনীয়া বিহু উৎসৱৰ আয়োজন কৰিব।