দেশত দিনক দিনে চাইবাৰ ক্ৰাইমৰ ঘটনা বাঢ়িছে, এনে পৰিস্থিতিত আপোনাৰ বাবে সজাগ হোৱাটো অতি প্ৰয়োজনীয় অন্যথা এটা ভুল ক্লিকে আপোনাক দুখীয়া কৰি তুলিব পাৰে। আজিকালি ভুৱা SMSৰ জৰিয়তে ঠগবাজ কৰা বহু গোচৰ চৰ্চালৈ আহিছে। মানুহৰ কষ্টোপাৰ্জিত ধন লুটপাতৰ চেষ্টা চলাইছে গুণ্ডাবোৰে। HDFC বেংক, SBIৰ দৰে ডাঙৰ ডাঙৰ বেংকৰ গ্ৰাহকসকল ক্ষতিগ্ৰস্ত হৈছে।
অৱশ্যে বেংকে নিজৰ গ্ৰাহকক সদায় সজাগ হৈ থাকিবলৈ আৰু এনে বাৰ্তাৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়ে। Heckar বোৰে নিজকে বেংকৰ কৰ্মচাৰি বুলি কব পাৰে। তেওঁলোকে মানুহক তেওঁলোকৰ একাউণ্টৰ সবিশেষ বা পেন কাৰ্ডৰ তথ্য আপডেট কৰিবলৈ কয়।
হেকাৰ বোৰে এনেধৰণৰ বাৰ্তা প্ৰেৰণ কৰিছে
HDFC বেংকৰ গ্ৰাহকে এই বাৰ্তা লাভ কৰিছে হেকাৰ বোৰৰ পৰা – “HDFC একাউণ্টৰ বাবে KYC তৎক্ষণাত আপডেট কৰক! অনুগ্ৰহ কৰি https://rb.gy/xaotao0 ক্লিক কৰি আপডেট কৰক অন্যথা আপোনাৰ একাউণ্টটো ব্লক কৰা হ’ব ধন্যবাদ।”
HDFCয়ে কয় যে কেনেকৈ ভুৱা মেছেজ চিনাক্ত কৰিব পাৰি
HDFC বেংকে এটা টুইটত লিখিছে যে গ্ৰাহকে নিজকে প্ৰৱঞ্চনাৰ পৰা ৰক্ষা কৰে! সদায় পৰীক্ষা কৰক যে HDFC বেংকৰ বাৰ্তাসমূহ অফিচিয়েল আইডি HDFCBK/HDFCBN ৰ পৰা আহিছে আৰু লিংক আৰু লিংকসমূহ http://hdfcbk.io ৰ পৰা আৰম্ভ হয়। অজ্ঞাত নম্বৰৰ পৰা অহা বাৰ্তাত থকা লিংকটোত ক্লিক নকৰিব, য’ত বা PAN / KYC update বা অন্যান্য বেংকিং তথ্যৰ বাবে অনুৰোধ আহিছে। বেংকটোৱে গ্ৰাহকসকলক জনাইছে যে তেওঁলোকে কেনেকৈ প্ৰকৃত আৰু ভুৱা বাৰ্তাৰ মাজত পাৰ্থক্য কৰিব পাৰে।
এনেধৰণৰ বাৰ্তা আহিছিল SBIৰ গ্ৰাহকলৈ
ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকেও ভুৱা বাৰ্তা লাভ কৰি আছে। SBI গ্ৰাহকক মেছেজৰ জৰিয়তে কোৱা হৈছে যে তেওঁলোকৰ PAN আপডেট কৰক নহলে তেওঁলোকৰ YONO একাউণ্ট নিষ্ক্ৰিয় হৈ যাব।
যদি এই লিখনিটো ভাল লাগিল, তেন্তে ফেচবুকত শ্বেয়াৰ আৰু লাইক কৰক। এনেধৰণৰ আৰু অধিক লেখা পঢ়িবলৈ AXOMINFO সৈতে সংযুক্ত হৈ থাকক। আপোনাৰ মতামত আমালৈ কমেণ্ট বক্সত পঠাওক।